এজনী বেশ্যা ছোৱালী - তৃতীয় খণ্ড (গোকুল লহকৰ)

গধূলি দীঘলী পুখুৰিৰ পাৰত বহি নিহাৰিকাক সকলো কথা ক'লে । "মোক বাৰু কেলৈ কৈছা এইবোৰ ।" নিহাৰিকাই সুধিলে । মোৰ মনৰ বিশ্বাস তাই মোক ভাল পায় । কিন্তু ভয় কৰিছে । তাইৰ অতীত বা বৰ্তমানৰ যি পৰিচয় তাত মোৰ কোনো আপত্তি নাই । তাই চাগে সপোন চাব ভয় কৰিছে, বা এইটো হ'ব পাৰে যে মোৰ মা-দেউতাই গম পালে কি হ'ব ? নিহাৰিকা, তোমাৰ পৰা মাথো এটি সহায় লাগে । মাক কথাৰ মাজতে মই তাইৰ কথা কম আৰু কম যে মই ভাল পাওঁ ৷ সকলো কম মাথো তাইৰ পৰিচয় নিদিও । মানে কি পৰিচয়ৰ কথা কৈছো বুজিচা তুমি । তাই তোমাৰ চিনাকি বুলি কম । মায়ে কিবা যদি তোমাক সুধে তাইৰ বিষয়ে তেন্তে মোৰ হৈয়ে ক'বা প্লিছ । বাকী মই চম্ভালি লম ।" কথা শেষ কৰাৰ আগতে নিহাৰিকাই ক'লে " কিন্তু তাই চোন মাক হব পৰা ক্ষমতা হেৰুৱাইছে , সেইটো কি কৰিবা ?" দিগন্তই তাই মুখলৈ চালে আৰু ক'লে "এদোপ্ত কৰি ল'ম । মেডিকেল নাইবা অনাথ আশ্ৰমৰ পৰা । তাই মাক হ'ব ওলাইছে বুলি লাগিলে এবছৰ ঘৰলৈও নাযাও । চিধা নাতিয়েকৰ মুখ দেখুৱাম । মোক সহায় কৰিবা নিহাৰিকা ? সহায় কৰিবা বুলি সুধাত যেন তাৰ চকু চলচলীয়া হৈ পৰিছিল । নিহাৰিকাই একো বেছি নাভাবি ঠিক আছে বুলি ক'লে । মনে মনে ভাল পাইছিল যদিও দিগন্তই যে তাইক তেনে একো নাভাবিছিল সেইটো তাই ভালদৰে বুজিছিল । কিন্তু গিতিকাৰ কথা যদি মাকে সুধে কি ক'ব তাই ! মাকে চোন জানে যে তাই দিগন্তক ভাল পায় । নিহাৰিকাৰ বাপেকৰ মৃত্যুৰ আগ মুহূৰ্তত বাপেকেই নিহাৰিকাক চাব বুলি দিগন্তৰ মাকৰ হাতত নিহাৰিকাৰ হাত দি গৈছিল । কিন্তু এই কথা আজিও গমকে নাপায় দিগন্তই ।
- ঐ ! কি ভাবিছা ইমানকৈ বুলি দিগন্তই প্ৰশ্ন কৰাত নিহাৰিকাৰ ধ্যান ঘূৰিল ।
- বাৰু ! ঠিক আছে । খুৰীদেউক তুমি ক'বা বুজাই , যদি ফোন কৰে মোক হ'লে মই ক'ম দিয়া তাই মোৰ চিনাকি বুলি ।
অলপ ৰৈ নিহাৰিকাই আকৌ ক'লে-
- হ'লে মই এতিয়া যাও দিয়া । কিন্তু যোৱাৰ আগত এটা কথা কৈ যাওঁ । তোমাৰ মনতো বৰ ডাঙৰ বুলি ভাবিছিলো । কিন্তু মোৰ এটা ভুল হ'ল । ভবাতকৈও বহু গুণে ডাঙৰ মনৰ গৰাকী তুমি । জানা মইও তোমাক ভাল পাইছিলো, এতিয়াও পাওঁ ৷ কিন্তু প্ৰকাশ নকৰিলো কেতিয়াও । তুলনা কৰিব নোখোজো কিন্তু তোমাৰ ভালপোৱাৰ আগত যেন ই বহু গুণে তুচ্ছ । বুজাব খুজিছিলো মোৰ ভালপোৱা, কিন্তু তুমি নুবুজিলা । খং উঠিছিল জানা । কিন্তু আজি তোমাৰ ভালপোৱা দেখি সকলো নাইকিয়া হৈ গৈছে । তোমাৰ ভালপোৱাৰ আগত, তোমাৰ সু- বিশাল মনটিৰ আগত । নাই, মই আৰু বুজাব নোৱাৰো । মোৰ ভাষা নাই বুজাব , তোমাৰ ভালপোৱাক লৈ মই গৰ্বিত । বাৰু, আহো দিয়া এতিয়া । "বহাৰ পৰাৰ যাবলৈ বুলি ওলোৱাত দিগন্তই নিহাৰিকাৰ হাতখন ধৰি মাথো এটা কথাই ক'লে । "ধন্যবাদ ৷ (আগলৈ)