দুচকুত কষ্ণচূড়াৰ তেজাল সপোন অঁকা ছোৱালীজনী (মৃদুস্মিতা নাথ)

(১)
ৰাতিপুৱা খোজকাঢ়িবলৈ যাওঁতে সোণাৰু জোপাৰ ওচৰত প্ৰায় লগ পাওঁ ছোৱালীজনীক ৷ হাঁহিমুখীয়া ছোৱালীজনী, কোবাকুবিকৈ ৰাতিপুৱাই আহে যদিও এবাৰ হ'লেও মাত দি যায় মোক । তাইক মই প্ৰায়ই লক্ষ্য কৰো; তাইৰ দুচকুত যেন কৃষ্ণচূড়াৰ ৰঙী তেজাল সপোনে তিৰবিৰাই আছে ৷
খুব সম্ভৱ তাই আৰ্থিক অনাটনৰ বাবেই মানুহৰ ঘৰে ঘৰে কাম কৰিব লগা হৈছে ! কেতিয়াবা তাই লগত সৰু ল'ৰা এটাও আহে প্ৰায় ৮- ১০ বছৰীয়া, সম্ভৱ তাইৰ ভায়েকেই হ'ব ৷
সদায় এনেদৰে প্ৰত্যেক দিনাই তাইক লগপাই আহিছো ৷ তাই বিষয়ে ভালকৈ জানিবলৈ মোৰ খুব মন গ'ল ! সেয়েহে এদিন তাইক ঘৰলৈ মাতি আনি চিনাকী হ'লো; তাইও নিসংকোচে মোক সকলোবোৰ কথা কয় গ'ল ৷ তাইৰ কথাবোৰৰ আঁৰত যেন বহুতো দুখ- বিষাদ লুকাই  আছে ! ইমান দুখ লৈ তাই বাৰু কেনেকৈ হাঁহি থাকিব পাৰে ? আৰুতো হাঁহি নাথাকিনো কি কৰিব, কান্দি কান্দি বলিয়া হৈ গ'লেওতো আৰু তাই মাকজনী ঘূৰি নাহে তাই ওচৰলৈ !
বহুতো কথা পাতিলো তাই লগত, তাই মনটোক বুজি উঠিলো, আপোন আপোন যেন লাগিল আৰু সেইদিনা এইবোৰৰ মাজেৰেই তাইক বিদায় দিলো ঘৰৰ পৰা ৷

(২)
তাৰ কিছুদিনৰ পাছত ছোৱালীজনীক লগ নোপাৱা হ'লো ! তাই বাৰু মানুহৰ ঘৰত কাম কৰা বাদ দিলে নেকি ? নে বিয়া- চিয়া হৈ গ'ল ! এসপ্তামান এনেদৰেই পাৰ হৈ গ'ল ৷ কিন্তু তাৰ কিছুদিনৰ পাছত গম পালো যে ছোৱালীজনী নিৰুদ্দেশ হ'ল..........! কথাটো শুনি দুখে আঁৱৰি ধৰিল ! ইমান মৰমলগা, সহজ- সৰল, তাকো দৰিদ্ৰ পৰিয়ালৰ কাৰ কি শত্ৰুতা থাকিব পাৰে ? নে আন কিবা ষড়যন্ত্ৰৰ বলি হ'ল ? ছোৱালীজনী দেউতাকে পলমকৈ গম পাইছিল কথাবোৰ, যিহেতু দিন হাজিৰা কৰে ৷ বিচাৰ- খোচাৰ আৰম্ভ হ'ল, ঘৰৰ ওচৰে- পাজৰে, হাবি-জংঘলে সকলোতে বিচাৰিল ক'তো একো শুংসূত্ৰ নাপালে ! পলম নকৰি দেউতাক, ভায়েকে ধৈৰ্য ধৰি থানাত এখন এজাহাৰ দিলে । অতি দৰিদ্ৰ পৰিয়ালটো খুৰা- খুৰীয়েক হঁতেও দিন- হাজিৰা কৰে। পৰিয়ালতো যেন দুখে আঁৱৰি ধৰিছে ৷

(৩)
ছোৱালীজনী নোহোৱা হোৱা আজি প্ৰায় দুমাহ হ'বৰ হ'ল ৷ পুলিচৰ লেহেমীয়া গতিৰে একো শুংসূত্ৰই উলিয়াব নোৱাৰিলে ! তথাপিও বাপেক, ভায়েক আৰু খুৰাকহঁতে সদায় আশা কৰি থাকে তাই আহিব বুলি; নাহিলেও তাই য'তে আছে ভালে থাকক ৷

(৪)
আজি দেওবাৰ বাতৰিখন চাওঁ বুলি চকীখনতে বহিলো.... আৰু আজিকালি বাতৰিবোৰতো মেলিবই নোৱাৰি ক'ত শুনিবা হত্যা, ধৰ্ষণ, দুৰ্নীতি ইত্যাদি ........, এইবোৰকে কৈ থাকোতে পোতকৈ চকুত পৰিল-
'আজি দুমাহে নিৰুদ্দেশ হৈ থকা এগৰাকী যুৱতীৰ মৃতদেহ  উদ্ধাৰ'।
মই হতম্ভৱ হৈ পৰিলো; সেই ছোৱালীজনীয়ে নহয়তো ?মই খৰধৰকৈ বাতৰিতো পঢ়ি গ'লো--------- আজি এটা পুখুৰীত স্থানীয় ৰাইজে উদ্ধাৰ কৰিছে এগৰাকী যুৱতীৰ মৃতদেহ । সুধা- পোছা কৰি গ'ম পোৱা গৈছে যে, মৃত যুৱতী গৰাকীৰ নাম ৰ্বণালী ৷

- তোমাৰ নামটো নামটো কি ?
- বৰ্ণালী বাইদেউ ৷
- কিহ; সেই ছোৱালীজনীয়ে দেখোন ?
মই ততাতৈয়াকৈ সিহঁতৰ ঘৰলৈ গ'লো, এক বুজাব নোৱাৰা বেদনাই বুকুখন খুন্দা মাৰি ধৰিল ৷ পৰিয়ালটোৱে চোতালত তাই মৃতদেহতো লৈ কান্দোনত ভাগি পৰিছিল। মই নিজকে সচেতন কৰি পৰিয়ালতোৰ দুখত সমভাগী হৈ সমবেদনা দিবলৈ যত্ন কৰিলো ৷

(৫)
কিছুসময়ৰ পাছত পুলিচে মৃতদেহতো টোপোলা বান্ধি লৈ গ'ল থানালৈ আৰু উদ্ধাৰ কৰা কিছুমান বস্তু মৃতদেহটো গাত অলপ অলপহে মঙহ লাগি আছিল । প্ৰায় শৰীটো উলংগ হৈ পৰিছিল ! সেইবোৰৰ পৰা অনুমান কৰিব পাৰি এয়া এক বলাৎকাৰৰ ঘটনা নহয়টো ? কিন্তু আৰক্ষীয়ে ফৰেনচিক  লেবৰটৰীলৈ মৃতদেহতো পঠিয়াই কাম সামৰি থৈছে ৷
পৰিয়ালটোৱে থানালৈ অহা- যোৱা কৰি কৰি ভাগৰি পৰিছে ! পুলিচৰ মাথো এটাই কথা- আইনৰ নিয়ম নীতি আছে, আমি হত্যাকাৰী খবৰ পালে আপোনালোকক জনাম।
প্ৰতিদিনে সেই একেধৰণৰ উত্তৰকে শুনি অতিষ্ঠ হৈ পৰিছে পৰিয়ালৰ লগতে গাৱঁৰ ৰাইজও ৷ কিয় আজি অ'তদিনে একো সন্ধান নাই হত্যাকাৰী? নে দৰিদ্ৰ-দুখীয়া লোকসকলৰ বাবে এনেবোৰ ঘটনাৰ শুংসূত্ৰ উলিয়াওতে  জটিল হৈ পৰে  কিয় ? ৰাইজৰ প্ৰশ্ন। দুখত ভাগি পৰা পৰিয়ালটোৱে ন্যায় বিচাৰে। দোষী-হত্যাকাৰীয়ে শাস্তি পাব লাগে। আৰক্ষীৰ এনেবোৰ অৱহেলাৰ বাবে কেতিয়া ন্যায় পাব পৰিয়ালটোৱে ? নে সকলোবোৰ  ৰহস্য হৈ থাকিব ?
মোৰ কাণত আজিও বাজিউঠে সেই সোণাৰুজোপাৰ ওচৰত মাত দিয়া সেইষাৰ মাত-- বাইদেউ।
দুচকুত কৃষ্ণচূড়াৰ সপোন অঁকা ৰ্বণালীজনীৰ সহজ- সৰল মুখখন মোৰ চকুৰ পতাত ভাহি আহি আমনি কৰেহি ৷