মৰমৰ কাজলপ্ৰিয়া,
নকৰো নকৰো বুলি বাৰে প্ৰতি একেটা ভুলে পুণৰাবৃত্তি কৰিবলৈ বাধ্য কৰে মোক অবুজ মনৰ নিবোধ ভাৱনাই । তুমি চাগে আমনি পোৱা মোৰ নষ্ট জীৱনৰ অৰ্থহীন সংলাপবোৰ পঢ়ি পঢ়ি, কেতিয়াবা হয়তো নপঢ়াকে মোহাৰি পেলাইও দিয়া ! নহয়নে কাজলপ্ৰিয়া ? কিমাননো পঢ়িবা এই দুৰ্ভগীয়া বিষাদগ্ৰস্ত জীৱনৰ প্ৰেম গাঁথা । পিছে বেয়া নাপাবা, লিখিব নাজানো নাৰীৰ কোমল হৃদয়খন চুই যোৱা কলিজাৰ স্পন্দনেৰে অনুভৱৰ শব্দ, কবিতা নাইবা গান .... ।
জানা কাজলপ্ৰিয়া, তুমি হেৰাই যোৱা পথৰ দাঁতিত মই আজিও অপেক্ষাৰ ৰক্তজৱাৰ পাহি ছিঙি ছিঙি ৰ'ই আছোঁ, তোমাৰ বাবে .... ! কেতিয়া আহিবা আৰু এক উষ্ম আলিংগনেৰে বুকুৰ উমাল মৰম যাঁচিবা । পিছে সেয়া দেখিছোঁ গোবৰৰ মানত পদুম ফুলা কল্পনা .... হয়তো আৰু কোনোদিনে সম্ভৱ নহব তোমাৰ মাজত মোক বিচাৰি পোৱাৰ হাবিয়াস । তথাপি মই সোঁৱৰণিৰ হাতেৰে পাহৰণিক হত্যা কৰি সজীৱ কৰি ৰাখিম আমাৰ ভালপোৱাৰ স্নিগ্ধ সুবাস ।
ইতি-
তোমাৰ স্বপ্ননীল








