বৰ উদাস উদাস লাগে মনটো ৷ হোষ্টেলৰ খিৰিকীৰে বৰষাই আকাশখনলৈ চালে ৷ আকাশখনো গোমা গোমা এইমাত্ৰ যেন কান্দি পেলাব ৷ খিৰিকীখনে আকাশখনকো এটা সীমাৰ মাজত আৱদ্ধ কৰি ৰাখিছে ৷ খিৰিকীৰে তাই চাব পাৰিছে আকাশৰ ক্ষুদ্ৰৰো ক্ষুদ্ৰ এটা অংশ ৷ যাক এতিয়ালৈকে পোৱাই নাই সেইজনাক হেৰুৱাৰ ভয়ে তাইক অস্থিৰ কৰি তুলিছে, বুকুৰ ভিতৰত উকমুকনি ৷
পেঞ্চিল হিলৰ খটখট শব্দ কৰি গীতিকা তাইৰ কোঠালৈ সোমাই আহিল ৷ আকাশৰ পৰা মূৰ ঘূৰাই তাই গীতিকালৈ চালে ৷
- কি হ'ল মনটো মৰা যে ?
- নাই, একো নাই ৷ দুখী হ'বলৈ সদায় কোনো কাৰণ নালাগে ৷
- ইহ হ'ব লেকচাৰ নামাৰ ৷ সেইজনাৰ খবৰ পোৱা নাই চাগৈ ৷ তোৰ হাঁহি কান্দোনৰ মূল কাৰণটো আজিকালি সিয়েই হৈ পৰিছে ৷
- নাই তেনে একো নাই ৷
- হ'ব হ'ব জানো দে ৷ শুন তাক দেখি আহিছো মই ৷
- হয়নে ? ক'ত ? নজনা কিবা এটা জনাৰ আগ্ৰহেৰে, উৎসাৰে তাই গীতিকালৈ চালে ৷
- পাণবজাৰৰ কিতাপৰ দোকান এখনত সোমাই কিবা কিতাপ এখন হাতত লৈ পাতবোৰ লুটিয়াই চাই আছিল৷
- কি পিন্ধি আহিছিল ? -মুখত হাঁহি লৈ তাই সুধিলে ৷
- ইচ ৰাম সেইবোৰো মই ক'ব লাগিব মানে এতিয়া ? ইমান মন কৰা নাই আৰু মই ৷ নীলা নে ক'লা ৰঙৰ স্পৰ্টিং এটা বোধকৰো ৷
বৰষা মনে মনে ৰ'ল ৷ হয় হয় হৃদয়েৰে বিচৰাজনৰ সকলো কথাই জানিবৰ ইচ্ছা যায়, তেওঁৰ পিন্ধন- উৰণ পৰা তেওঁৰ ভাললগা, বেয়ালগা সকলোবোৰ জানিবলৈ মন যায় ৷ কাৰোবাৰ ওচৰত বহি লৈ অহৰহ শুনি থাকিবলৈ মন যায় তেওঁৰ কথা আৰু কিবা এটা শুনিলেই মনটো নাচি উঠে ৷
আনন্দতে তাই একেকোবে বিচনাৰ পৰা নামি গীতিকাৰ কান্ধত হাত দুখন থৈ চঞ্চলা পখিলাৰ দৰে গুণগুণাই উঠিল আৰু নিজৰ লগতে জোৰকৈ তাইকো নচুৱালে ৷
- এই এইজনী কি কৰ ?
- বুকুৰে পথাৰতে চেনেহে সজাল ধৰে কোৱাচোন কাৰ খবৰ পালে ? -গীতৰ কলিটি গুণগুণাই সশব্দে হাঁহি উঠিল তাই ৷
গীতিকাই তাইৰ থুতৰিত ধৰি প্ৰশ্নসূচক চাৱনিৰে তাইলৈ চালে যেন পলকতে তাইৰ চকুযোৰে পঢ়ি পেলাব বৰষাৰ হৃদয় নামৰ কিতাপখন ৷
- বহুত ভালপাৱ ন' তই তাক ?
- ক'ব নোৱাৰো ৷ কিন্তু ভাললগে তাক বহুত ৷ তাৰ কথা ভাবি ভাল লাগে ৷
- তেন্তে কৈ দে মনৰ কথা সোনকালে ৷ এনেদৰে থাকোতেই এদিন তোৰ মানুহজন আনৰ হৈ যাব ৷ মোৰ এতিয়া আকৌ মেজৰৰ টিউচন আছে ৷ চাওঁ গুচ, দেৰি হৈছে ৷
তাইৰ ডিঙিৰ পৰা বৰষাৰ হাত দুখন আঁতৰাই গীতিকাই বেগত বহী এখন ভৰালে আৰু দৌৰাদৌৰিকৈ ওলাই গ'ল আৰু এৰি থৈ গ'ল তাইলৈ বুকুত হনা- খোচা কৰা কাঁড় এপাট ৷ কোৱাৰ দৰে সহজ হয়নে কথাবোৰ?কওঁ বুলিয়ে কৈ দিব পাৰিনে সকলো ৷ ভয় লাগে দেখোন আকৌ ভাবুক হৈ তাই খিৰিকীৰ ওচৰত বহি ৰ'ল ৷ দূৰত দুটি চৰাই তাইৰ দৃষ্টিগোচৰ হ'ল ৷ কিনো কথা পাতিছে চৰাই দুটিয়ে তাইৰ জানিবৰ বৰকৈ মন গ'ল ৷ এটা উৰি গৈ আন এঠাইত পৰিলে আনটোও উৰি গৈ একে ঠাইতে ৰৈ গৈ.. যেন সহযাত্ৰী দুয়ো ৷ এটা সময়ো আঁতৰি নাযায় এটা আনটোৰ পৰা ৷ ভালপায় চাগৈ দুয়ো দুয়োকে ৷ সিহঁতেও কৈছেনে এটাই আনটোক ভালপাওঁ বুলি..... সুধিছেনে এটাই আনটোক ভালপাৱনে মোক বুলি ?
নাই নাই হয়তোবা সোধা নাই ৷ স্বগতোক্তি কৰিলে তাই ৷ স্বীকাৰোক্তিতেই জানো অঁকা থাকে ভালপোৱাৰ লক্ষ্মণ ৰেখা ? ইমানখিনিতে সীমাৱদ্ধ হয়নে ভালপোৱাৰ বিশালতা ? ওঁঠত আঁৰি থোৱা কথাৰ টোপোলাটো মেলি দিয়া নিদিয়াতেই নিৰ্ভৰ কৰেনে ভাললগাৰ স্থায়ীত্ব ?ইমান ঠুনুকা কিয় হয় সম্পৰ্কবোৰ ? বিচনাত পৰি ৰোৱা ম'বাইলটো এনেই তাই হাতত তুলি ল'লে আৰু এখনৰ পিছত সিখনকৈ ম'বাইলত সেইজনৰ ফটোবোৰ ইফাল সিফালকৈ চাই গ'ল ৷ মনটো দেখোন আগতকৈ আৰু বেছি ভাল লাগি গ'ল ৷ এছাটি নিৰ্মল বতাহ খিৰিকীৰে সোমাই তাইক চুই গ'ল ৷ আহ হৃদয়খন যেন গলি গলি শেষ হৈ তেওঁৰ বুুকুত থিতাপি লৈছেগৈ ৷ সঁচাকৈ ভালপোৱা এনে এক অনুভৱ... যি কেৱল উপলব্ধিতহে সম্ভৱ ৷ কৈয়ে দিলে যেনিবা তেওঁক ভালপোৱাৰ কথা , যদি পুনৰাই কয় তাইক ভালনলগাৰ কথা, ভাললগাবোৰ উপেক্ষাৰ যন্ত্ৰণাত দগ্ধ হৈ বেয়া লগালৈ ৰূপান্তৰিত নহ'বনে ? ভাললাগে জানো তেনেকৈ ? প্ৰেমৰ নিবেদন, প্ৰস্তাৱ গ্ৰহণ, তাৰপিছত দুদিনমান অহৰহ ফোন, মেছেজ... শেষত বিয়া নতুবা আধাতে প্ৰেমৰ পৰিসমাপ্তি ৷ নালাগে ভাল নালাগে এনেকে ৷ অৰ্থহীন যেন লাগে ৷ কি প্ৰয়োজন এজনে আন এজনক কোৱাৰ ? শ্ৰদ্ধা, বিশ্বাস, আন্তৰিকতা, সম- সদ্ভাৱ, সহানুভূতি, বুজাবুজি, অপৰিসীম ভালপোৱাই নিৰ্মাণ কৰে দুখন হৃদয়ৰ মাজত সাঁকো, যিয়ে দেখুৱাই দিয়ে সেইজনাৰ হৃদয়লৈ যোৱাৰ বাটটো ৷ যি সুবিমল ভালপোৱাই সাহস যোগায় আন বহুতক উপেক্ষা কৰাৰ ৷ তাত আৰু প্ৰশ্ন নুঠে আনৰ হৈ যোৱাৰ ৷ কিছুমান চৰ্ত, প্ৰতিশ্ৰুতিয়ে আপোনজনক বান্ধি ৰাখিব নোৱাৰে আৰু বান্ধি ৰাখিব খুজিলেই হেৰাই যায় সীমাহীন ভালপোৱাৰ নিৰ্মলতা ৷ সাম্প্ৰতিক সময়ৰ জি. এফ. বি. এফ আদি শব্দৰে নামাকৰণ কৰিব পৰা নাযায় এনে স্বৰ্গীয় অনুভৱক ৷ প্ৰেমিক- প্ৰেমিকা সম্পৰ্কটোও হ'ব লাগে স্বামী- স্ত্ৰী, মাক- সন্তানৰ দৰে ৷ মাকে সন্তানক চিৰদিন আঁকোৱালি ৰখাৰ প্ৰতিশ্ৰুতি নিদিয়ে, তাত কোনো চৰ্ত নাথাকে মাকে সন্তানক পৰিচৰ্যা কৰাৰ, সন্তানে মাকক তাৰ বিনিময় দিয়াৰ ৷ তাত কোনো দায়িত্ববোধো নাথাকে ৷ দায়িত্ব ক'ত থাকে অনাত্মীয় মানুহ এজনৰ প্ৰতিহে ৷ আন মানুহে সহায় কৰাৰ বিনিময়ত ধন্যবাদসূচক শব্দ কোৱাটো দায়িত্ব, পোৱাৰ বিনিময়ত তাত দিয়াটো এক দায়িত্ব, কৰ্তব্য ৷ কিন্তু মাকে সন্তানক আলফুলে নিৰাপত্তা, মৰম, সহানুভূতিৰে আঁৱৰি ৰখাটো মমত্বৰে ভৰা মাকৰ হৃদয়ৰ অৱধাৰিত দায়িত্ব নহয় মাথোন, সেয়া মাকৰ একান্ত ইচ্ছা, আগ্ৰহ ৷ মাকে জানো সন্তানক কয়, সন্তানে জানো মাকক কয় বাৰে বাৰে ভালপোৱাৰ কথা ?
নিজকে নিজে তাই সুধে- তেওঁৰ আৰু মোৰ সম্পৰ্কটো তেনে হ'ব নোৱাৰিব নেকি? কোনো কাৰণ নোহোৱাকৈ, কোনো চুক্তি নকৰাকৈ সেইজনাক আৱৰি ৰাখিব নোৱাৰিনে আশ্বাস, বিশ্বাস আৰু স্নেহেৰে ? কৰিব নোৱাৰিনে তেওঁৰ সফলতাত কোনো আত্মীয়ৰ দৰেই গৰ্ববোধ ? এনেকুৱাইতো হব লাগে সম্পৰ্কবোৰ য'ত নাথাকে নিজৰ কৰি লোৱাৰ আসক্তি ৷ অন্য কিছু পৰম্পৰাৰে আনৰ হৈ গ'লেও যাক হৃদয়ত স্থান দি একান্তই নিজৰ বুলি দাবী কৰিব পৰা যায় আৰু তাই ক'লেই যেনিবা কি হ'বনো তেতিয়া, অ হ'ব কিছু স্বাধীনতা পাব যিকোনো সময়তে ফোন কৰাৰ, মেছেজ কৰাৰ, সৰু সৰু কথাতে অভিমান কৰাৰ, নিশা উজাগৰে থাকি গুৰুত্বহীন কথা এটাত কাজিয়া কৰাৰ, নিজৰ প্ৰাপ্য দাবী কৰাৰ.....৷ নাই নালাগে এনে অবাধ স্বাধীনতা তাইক ৷ দেখা পোৱা মাত্ৰকে সি তাইক মাত দিয়ে,মাজে মাজে কোনো কাৰণ নোহোৱাকৈ ফোনো কৰে,ৰাতিপুৱা,ৰাতি তাইক শুভৰাত্ৰি, সুপ্ৰভাত আদি শুভ মেছেজ দিয়েই.... আৰু কি লাগিছে তাইক ৷ প্ৰয়োজন নাই তাইৰ ভালপোৱাত কোনো স্বীকাৰোক্তিৰ ৷ থাকক, থাকক সময়বোৰ এনেদৰেই থাকক, এনেদৰেই থাকক কথাবোৰ, এনেদৰেইটো ভাল লাগে ৷ মনটো আগতকৈ বহু বেছি ভাল লাগি যায় তাইৰ ৷ খিৰিকীৰ আগত সেই চৰাইদুটি এতিয়া আৰু নাই ৷ আকাশখনৰ পৰাও কজলা ডাৱৰবোৰ আঁতৰি গৈছে ৷ তাইৰ মনৰ সমান্তৰালকৈ যেন আকাশখনেও ৰূপ সলাই আছে ৷ সন্ধিয়াৰ বিচিত্ৰ ৰঙেৰে বৰ্ণিল হৈ উঠা আকাশখনলৈ তাই আকৌ চালে ৷ সমাজ নথকা, নিয়মৰ পাশত আৱদ্ধ নোহোৱা এজাক মুক্ত পখী আকাশেদি উৰা মাৰিছে ৷ কোনো নিয়ম নথকা, সমাজ নথকা স্বত্বেও সিহঁতে শান্তিৰে বসবাস কৰিব পাৰিছে ৷ সিহঁতৰ শান্তিত ব্যাঘাত জন্মায় সমাজৰ,নিয়মৰ আৱেষ্টনীৰ মাজত আৱৰ্তিত হৈ থকা জীৱশ্ৰেষ্ঠ মানুহবোৰেহে ৷ কিমান শিকিব লগীয়া আছে মানুহবোৰে এই নিৰীহ প্ৰাণীবোৰৰ পৰা......৷ যিয়ে আজি তাইক শিকাই গ'ল ভালপোৱাৰ প্ৰক্ৰিয়া ৷
ঠিকনাঃ মৰিগাওঁ (দন্দুৱা)








