নীলা খামৰ চিঠি (পলাশ ৰঞ্জন নাথ)

মৰমৰ,
কিমান আপোন হ'লে এজনে আনজনক মৰমৰ বুলি মাতিব পাৰে সেই কথা মই নাজানো । তুমি হয়টো বেয়াও পাব পাৰা, তথাপি মই তোমাক মৰমৰ বুলিয়েই সম্বোৰ্ধন কৰিম । আশাকৰো তুমি কুশলে আছা । হৃদয়ত নিসংগতাক লৈ ময়ো ভালদৰেই জীয়াই আছো । মোৰ নীৰৱ কোঠাৰ খিৰিকীখনত ওলমি ৰোৱা মধুৰ স্মৃতিয়ে আজি তোমালৈ লিখিবলৈ বাধ্য কৰালে । ঢৌ খেলা চুলিখিনি মেলি তুমি তুমি যে বাহিৰলৈ চাই আছিলা, অলপ প্ৰশংসা কৰোতেই হাঁহি বিৰিঙি পূৰ্ণিমাৰ জোন যেন হোৱা তোমাৰ মুখখনৰ দৃশ্যটো আজি আকৌ ভাঁহি আহিল ।

কেতিয়াবা মনত পৰেনে, খোকোজা লগা মাতেৰে আমি যে বহু সময়ধৰি কথা পাতিছিলোঁ । মোৰ ফোন আহিব বুলি অহৰহ ম'বাইলটো লগত ৰাখিছিলা । ফোনটো ৰিচিভ কৰি মৌনতাৰে পাৰ কৰা সময়ৰ কথা । তেতিয়া মনত ভাৱ হৈছিল তুমি মোক বুজি পোৱা, মোৰ মৰমৰ অবিহনে একো নিবিচৰা । ভৱা নাছিলো এপাহি সুবাস নোহোৱা গোলাপৰ দৰে এৰি থৈ যাবা বুলি । ক্ৰমশঃ তুমি যেন অচিনাকি হৈ গৈ আছা.......
তথাপি শীতৰ বতাহজাকতো তোমাৰ অস্থিত্ব অনুভৱ কৰো ৷ শিতানৰ গাৰুটোৱেও আজি তোমাৰ অভাৱ অনুভৱ কৰে। আজিও মই তোমাৰ অপেক্ষাত ৰৈ আছো, যদি কেতিয়াবা তোমাৰ অতীতলৈ মনতপৰে তেন্তে নিসংকোচে হৃদয়ৰ দুৱাৰেদি সোমাই আহিবা মোৰ এই ভগা জুপুৰিটোলৈ । তোমাৰ বাবে মোৰ হৃদয়ৰ দুৱাৰ সদায় খোলা থাকিব।

শেষত তোমাৰ চকা মকা মায়াবী ছবি আজিও মোৰ দুচকুত ভাহে । এবুকু আশা বুকুত লৈ অতীত স্মৃতিৰে হিয়া উপচাই তুমি যোৱাৰ বাটত হেঁপাহেৰে ৰৈ থাকোঁ কাৰন তুমিযে মোৰ বৰ মৰমৰ ।

ইতি
তোমাৰ মৰমৰ

ঠিকনাঃ মৰিগাঁও