উপহাৰ (অশ্বিনী ফুকন)

"তই গিৰিয়েৰৰ মূৰটো খালিয়েই, এতিয়া সমাজখন নষ্ট নকৰিবি, তই মহা পাপী, তোৰ কাৰণে সমাজখন গোন্ধাইছে অ', কলংকিনী, ৰক্ত পিপাসিনী" নামঘৰীয়া পোঠাদেউৰ এই বাক্য কেইটাই সোনপাহিৰ মনত ইডালৰ পিছত সিডাল শেল পুতিবলৈ ধৰিলে । মনৰ পথাৰত অৱশেষত ছিৰলা-ছিৰলী হৈ চাক্ষুৰ ছিদ্ৰইদি লানি নিচিগা চকুলোৰ টোপাল বৈ আহিল ৷ বস্তাৰে মেৰিয়াই থোৱা গাৰুটো সাবটি তাই বুকুখন জুহালত পাৰি দিয়াৰ দৰে বেদনাৰ উমান ল'বলৈ ধৰিলে ৷ হঠাতে কুমলীয়া হাত এখনৰ ঢেঁকীয়া সদৃশ আঙুলি কেইটা সোনপাহিৰ চকুত ফুৰিবলৈ ধৰিলে ৷
পুনিৰ ফুটা- নুফুটা মাতেৰে ভাঁহি আহিল-
"মা, বাবালৈ মনত পৰিছে নেকি… আহিছিল নেকি বাবা ?"
বেদনা লুকুৱাবলৈ সোনপাহি যেন অপাৰগ । তথাপিও এটি হাঁহি পিন্ধি সোনপাহিয়ে পুনিৰ মূৰত হাত বুলাই ক'লে-
"ওম, মাজনী… বাবা আহিছিল, সুধিছিল মাজনীক পূজাৰ কাৰণে কি দিলা বুলি, মই একো নাই দিয়া বুলি কোৱাৰ কাৰণে বাবাই পিতিলে মোক"
আলফুলে মাকৰ গালখন পিটিকি পুনিয়ে ক'লে-
"দুষ্ট কৰিলে বাবাই পিতিবই তোমাক, দুষ্ট নকৰিবা দেই, মোক পূজাৰ কাৰণে বেলুন, পুতলা,গাড়ী আনি দিবা"
- নকৰোঁ অ' মাজনী, চোৱা কাণত ধৰিছো… এতিয়া শুই থাকা

বুকুৰ মাজত পুনিক সোমোৱাই চকুলোৰে নৈ বুৱাই দিলে সোনপাহিয়ে । জীৱনটো সঁচাই ৰ'দ- বৰষুণৰ সমাহাৰ ৷ সুখৰ ৰ'দত ক'লা পৰি গ'লেও দুখৰ বৰষুণত জুৰুলি- জুপুৰি হোৱাটো স্বাভাৱিক ৷
নিশা মৰহি জালিকটা ৰ'দে সোনপাহিৰ চকুত খুন্দা মাৰিলেহি । পালেং এৰি সাজু হ'ল সংগ্ৰামৰ কুৰুক্ষেত্ৰলৈ ৷ এটুপি ফিকা চাহ পি সেমেকা ব্ৰেড জুইত সেকি দ্বিতীয় শ্ৰেণীত পঢ়া পুনিক স্কুললৈ সাজু কৰিলে ৷ এৰা, বিবাহৰ ডেৰ বছৰৰ পিছতেই স্বামী পূৰ্ণৰ মৃত্যু হৈছিল এক পথ দুৰ্ঘটনাত ৷ নিয়তিৰ কি যে ক্ৰীড়া মেলা, ফুলিব ধৰা সপোনবোৰ নোকোহা হস্তই উভালি পেলায় । পতিৰ ৰিক্সাখনকে অলপ মেৰামতি কৰি সোনপাহিয়ে ভাড়া মাৰি পেটে ভাতে খাই পুনিৰ স্বপ্নক আগুৱাই নিছে । সোনপাহিৰ যে কিমান কষ্ট ভৰা জীৱন, কি যে ভাগ্যৰ বিড়ম্বনা, কি যে বাস্তৱৰ প্ৰেক্ষাপট ৷ এইবোৰ কথা ভাবি থাকোতেই সোনপাহিৰ চকুত পৰিল পানী থোৱা ড্ৰামটোৰ কাষৰে তক্তাখনত পিতাকৰ ফটো চাই পুনিয়ে ভোৰভোৰাই থকা দৃশ্য ৷ হে ঈশ্বৰ, বাস্তৱ কিয় ইমান কঠোৰ ! নিগৰিবলৈ ধৰা চকুলোক বাধা দি সোনপাহিয়ে পুনিক 'ব'লা মাজনী' বুলি স্নেহৰ চুমা আঁকি দিলে ৷ প্ৰত্যেক দিনাৰ দৰেই ফটাকানি খনে ৰিক্সাখন মোহাৰি পুনিক লগতলৈ যাত্ৰা কৰিলে এক নতুন ৰেঙনিৰ দিশে । পথৰুৱাই সদাইৰ দৰে পুনৰ উফৰালে ঠাট্টা- মস্কৰাৰ গজাল ৷ বুকুত বিন্ধিলেও যেন কোনোমতে সহ্য কৰিলে সোনপাহিয়ে ৷

স্কুলত পুনিক চমজাই আৰম্ভিলে সংগ্ৰামৰ শিতানত । কিন্তু বিদায় পৰত পুনিয়ে মাকক কৈ পঠালে পূজাৰ উপহাৰৰ কথা ৷ হয় বাৰু, দুৰ্গতি নাশিনীৰ পূজালৈ আৰু মাথোঁ এদিন ব্যৱধান ৷ ৰিক্সা চলাই যি কেইটা গণিব পৰা টকা উপাৰ্জন কৰে সোনপাহিয়ে যেনেতেনে তেল, নিমখ, চাউল দাইল কিনে ৷ মহিলা কাৰণে ভালদৰে চলাব নাজানে বুলি প্ৰায় সংখ্যক যাত্ৰী তাইৰ ৰিক্সাত মুঠেও নুঠে ৷ আকৌ কেনেকৈ কিনে বাৰু তাইৰ জীলৈ পূজাৰ উপহাৰ । যিহে দাম পুতলা, বেলুনৰ তাই ভাবিবই নোৱাৰে । একেটা ফ্ৰকেই পিন্ধি থকা কাৰণে পুনিয়ে আপত্তি কৰে "মা মই সদায় একেটাই ফ্ৰক পিন্ধো যে"। সোনপাহিয়ে স্কুলৰ ইউনিফৰ্মৰ উদাহৰণ দিয়ে সকলো সমান হ'ব লাগে বুলি । কেতিয়াবা সোনপাহিয়ে ভাৱে প্ৰায়ে আদান হোৱা যৌনতাৰ প্ৰস্তাৱ গ্ৰহণেই কৰিব নেকি ? আকৌ মন মন্দিৰত ঝংকাৰ হয় পুনিৰ ভৱিষ্যত তথা সন্মানৰ কথা ৷

তাই ৰিক্সাখন আস্থানতে ৰাখি যাত্ৰীলৈ অপেক্ষা কৰিবলৈ ধৰিলে ৷ আজি দেখোন একেবাৰে তাইৰ ৰিক্সাত যাত্ৰী নুঠে ৷ সকলো বেলেগ ৰিক্সাতহে উঠে ৷ কি যে হ'ব, তাইৰ চকুলো বৈ আহিল ৷ ছেকেণ্ড, মিনিট বাগৰি তিনি ঘণ্টা সময় পাৰ হৈ গ'ল ৷ সোনপাহিয়ে দুখৰ ছাঁ এটা সাবটি পুনিক স্কুলৰ পৰা আনি পুনিৰ বান্ধৱী এজনীৰ ঘৰত থৈ আহিল । পুনিয়ে মাকক আকৌ ক'লে "মা মোক একো নিদিয়া নেকি? মোৰ লগৰ ইষাহঁতে চবেই ডাঙৰ ডাঙৰ পুতলা কিনিব"।সোনপাহিয়ে ক'লে মৰমেৰে "দিম অ' সোনজনী তুমি এতিয়া প্ৰিয়মৰ লগতেই থাকা, সন্ধিয়া মই লৈ যাম"।সদায় স্কুল ছুটী দিয়াৰ পিছত পুনি প্ৰিয়মৰ ঘৰত খেলা- ধূলা কৰি সময় অতিক্ৰম কৰে ৷ প্ৰিয়মৰ মাকেও যেন বুজি পায় সোনপাহিৰ কষ্টকৰ জীৱন গাঁথা ৷ সোনপাহিয়ে আকৌ ৰিক্সাখন লৈ ওলাই গ'ল প্ৰৱল হেঁপাহেৰে ৷ তথাপিতো যেন একেই অৱস্থা ৷ তিনি- চাৰিজন যাত্ৰী কথমপি পালে ৷ ৰুমালেৰে বান্ধি থোৱা গাঁঠিটো খুলি হিচাপ কৰি মাত্ৰ চল্লিছ টকা পালে ৷ বুকুখন চেৰেংকৈ মাৰিলে ৷ চল্লিছ টকাৰে পুনিলৈ উপহাৰেই নিব নে সাপ্তাহিক বজাৰ কৰিব । পুনিক যেনেতেনে বুজাম বুলি বজাৰ কৰি নিৰাশ মনেৰে ঘৰলৈ বুলি বাট ল'লে । হঠাৎ তিনি আলিটোৰ কাষতেই পৰিত্যক্ত এটা পলিথিনলৈ সোনপাহিৰ চকু নিক্ষেপ হ'ল ৷ তাৰ পৰা যেন কাৰোবাৰ কান্দোন ভাঁহি আহিল । নিশ্চয় কেঁচুৱাই হ'ব । বুকুত এক অগনিৰ মেল পাতি ৰিক্সাখন ৰখাই নামি গ'ল পলিথিনটোৰ দিশে । হৈয়েই অচিনাক্ত কোনোৱে পেলাই থৈ গ'ল নৱজাতকটোক । বুকুখন কঁপিবলৈ ধৰিলে ভয়ত ৷ হে ঈশ্বৰ, কিয় তুমি চকু মুদি জগত পালিছা ৷ পলিথিনটো আঁতৰাই কেঁচুৱাটো চালে, বৰ মৰমলগা… হাতখন ধৰিবলৈ লওঁতেই দেখিলে হাতত দুখন এহেজাৰ টকীয়া নোট আৰু এখন কাগজ গুজা আছিল হাতত ৷ নোট দুখন পেলায় সোনপাহিয়ে কাগজখন পঢ়িবলৈ ধৰিলে ৷ পঢ়ি তাইৰ চকু সেমেকি গ'ল আৰু জোৰেৰে কেঁচুৱাটো সাৱটি ধৰিলে।কাগজখনত লিখা আছিল- "কণ্যা সন্তান প্ৰয়োজন নাই, যিয়ে পাব অনুগ্ৰহ কৰি মাৰি পেলাব।লগত দুহেজাৰ টকা বকচিছ দিয়া আছে থেংক ইউ"।হায় ৰে মানৱতা, জহি খহি গ'ল মানৱতাৰ ৰাজপ্ৰসাদ।কি নিষ্ঠুৰ প্ৰাণী, প্ৰাণী নহয় জন্তু হয় ৷ সঁচাই বৰ কৰুণ ! সোনপাহিয়ে কেঁচুৱাটোক পিঠিত বান্ধি প্ৰতিপালন কৰাৰ সিন্ধান্ত ল'লে একমাত্ৰ মানৱতাৰ খাটিৰত আৰু অযুত আশাৰ পাকচক্ৰত ৷ দুহেজাৰ টকাটো তাতেই পেলাই লৈ আহিলে কেঁচুৱাটোক ৷ বুকুখন ধান বনাদি বানিবলৈ ধৰিলে ৷ মগজুটোত ৰুকি ৰুকি এক অচিন শোকে শিপাব ধৰিলে ৷ মানুহ শব্দটো যে কেতিয়াবা পশুত্বৰ বন্ধনীত আৱদ্ধ হ'ব সপোনৰো অগোচৰ।সোনপাহিয়ে কেঁচুৱাটোক ৰিক্সাতে ৰাখি পুনিক প্ৰিয়মৰ ঘৰৰ পৰা আনিলেগৈ ৷ কিন্তু প্ৰিয়মৰ মাকহঁতক অৱগত নকৰিলে ঘটনা বিশেষ ৷ ঘৰত আহি পুনিক উদ্দেশ্যি ক'লে-
- মাজনী তোমালৈ বস্তু এটা আনিছোঁ ৷
পুনিয়ে সাবটি ধৰিলে "মা মা মোৰ মা ইমান ভাল"।
সোনপাহিয়ে দুচকু মোহাৰি-
- তোমালৈ সঁচা পুতলা এটা আনিছোঁ মাজনী, নামটো পুছি"।

সঁচাই অভূত পূৰ্ব, বুকুৰ উম ঢালি সোনপাহিয়ে কেঁচুৱাটোক নভবাকৈ জীৰ স্থান দিলে; নামো দিলে পুছি ৷ ঈশ্বৰ তোমাৰ যে কি অপাৰ মহিমা ৷
যেতিয়া কেঁচুৱাটো পুনিক দেখুৱালে পুনিয়ে 'ইমান মৰমলগা' পুতলা বুলি টপাটপ চুমা খাবলৈ ধৰিলে । হয়, এয়াই চাগৈ ভাতৃত্ববোধ, এয়াই স্নেহাজৰীৰ মেৰপাক।দহটকীয়া গাখীৰৰ পেকেটটো গৰম পানীৰ লগত মিহলি কৰি সোনপাহিয়ে পুনি আৰু কেঁচুৱাটো দুয়োকে দিলে ৷ কেঁচুৱাটোক সোনপাহিয়ে খুৱাই থকাৰ মাজতে পুনিয়ে আহি তাইৰ ভাগৰ গাখীৰ খুৱাবলৈ ধৰিলে ৷ সোনপাহিৰ সুখাশ্ৰু বৈ আহিল অপ্ৰয়াসে।পুনিৰ কাৰণে দুৰ্গা পূজাৰ উপহাৰ যেন পুছি ৷ সঁচাই বিৰল মুহূৰ্তৰ সাক্ষী হ'ল নিয়তি ৷ সোনপাহিয়ে মৃত পতিক যেন আজি পুনি আৰু পুছিৰ মাজতেই বিচাৰি পালে ৷

পিছদিনা "সক্ষম" বুলি এটা এনজিঅ' গোটে জৰীপ কৰিবলৈ আহি সমগ্ৰ ঘটনা প্ৰবাহ জানিবলৈ পায় ৷ সোনপাহিৰ মহানুভৱতা, কষ্টকৰ জীৱন, সাহসিকতাৰ প্ৰতি সন্মান জনাই এনজিঅ'ৰ প্ৰতিস্থা দিৱসত "সাহসিকতাৰ বঁটা" প্ৰদান কৰে আৰু লগতে পুনি- পুছিৰ পঢ়াৰ দায়িত্ব গাত পাতি লয় ৷ এয়াই চাগৈ জীৱন, জীৱনৰ গতি আৰু লক্ষ্যস্থিত সুখৰ এলান্ধু ৷
ক্ৰমশ: আজিৰ দিনত পুনি এগৰাকী অসমৰ সু-অভিনেত্ৰী আৰু পুছি এগৰাকী সৎ আৰক্ষী বিষয়া । কি যে তিতা- মিঠাৰ সোৱাদ জীৱন নাটত ৷ ডাৱৰেও কেতিয়াবা পানীলৈ ভয় কৰে আৰু কেতিয়াবা পানী হৈ ধৰা প্লাবিত কৰে ৷
আজিৰ আকাশত সন্ধ্যাৰ তৰাক আলিংগন কৰি অচিনাকী মলয়াজাকে সোনপাহিৰ অকথ্য বতৰা এনেদৰে বখানে-
- অ' পূৰ্ণ তুমি যে কৈছিলা আমাৰ প্ৰেমৰ শ্ৰেষ্ঠ উপহাৰ পুনি ৷ হয়, আমাৰ প্ৰকৃত প্ৰেম জয়ী হ'ল ৷ আজি ফাগুন আহিছে ঢাপলি মেলি ৷ পুনিৰ উপহাৰ পুছি, দুৰ্গা পূজাৰ শ্ৰেষ্ঠ উপহাৰ ৷ কিন্তু হেৰা চোৱাছোন, সিহঁত দুইজনী আজি স্বজাতিৰ, স্বদেশৰ উপহাৰ হৈ পৰিল, উপহাৰেই উপহাৰ আজি, উপহাৰেৰে উভৈনদী আজি"।

ঠিকনাঃ তিতাবৰ, যোৰহাট
দূৰভাষঃ ৯১২৬৫৬৬৬৯৪