আজি ৰাতিপুৱা শৰ্মানীয়ে কথাটো ক'লে । কথাটো মানে মাজনীৰ বিয়াৰ কথাটো । মাজনীৰ বিয়া শুনি পদুমী অলপ আচৰিত হ'ল । পদুমীৰ কাৰণে মাজনী আজিও কণমানীজনী হৈয়েই আছে । তাই যেন ডাঙৰ হোৱাই নাই ৷ তাই ঘৰ সাৰিবলৈ লোৱা ঝাড়ুডাল ঠাইতে পেলাই শৰ্মানীৰ কাষ পালেহি আৰু একে উশাহতে কেইবাটাও প্ৰশ্ন কৰিলে ৷
- বাইদেউ মাজনীৰ বিয়া কেতিয়াকৈ ঠিক কৰিছে । ক'ৰ দৰা.. ?
- অ' দৰা আমেৰিকাত থাকে... ইঞ্জিনিয়াৰ হয় ৷
শৰ্মানীয়ে সগৌৰৱে উত্তৰ দিলে ।
- বাইদেউ মই দেখোন ভাবি জোঁৱাই ঘৰলৈ অহা দেখাই নাই ! দৰা ঘৰৰ মানুহো, কেতিয়া ঠিক কৰিলে বিয়া খন ?
পদুমীয়ে অলপ আচৰিত হৈ সুধিলে । শৰ্মানীয়ে মৃদু হাঁহি মাৰি উত্তৰ দিলে-
- পদুমী আগৰ সেই ল'ৰাই ছোৱালী চাবলৈ অহা দিন গ'ল ৷ এতিয়া ইণ্টাৰনেটৰ যুগ ৷ মাজনীয়ে যে লৈ থাকে সেই বাকচটো দেখিছ সেইটো লেপটপ বুলি কয় । সেইটোতে সব হৈ গ'ল। তই সেইবোৰ বুজি নাপাব, মুঠতে বিয়ালৈ সাজু হ' । তোৰ মূৰতে সমস্ত কামৰ ভাৰ । পদুমীয়ে একো বুজি নাপালে । এইবোৰনো কি কথা আকৌ । হঠাৎ অতীতৰ স্মৃতিবহ বতাহ এছাটিয়ে তাইৰ মনটোক চুই গ'ল । বিয়াৰ আগতে মোহনে তাইক বন্ধু এজনৰ সৈতে আহি চাইছিল । তাৰ পিছত মাক দেউতাক আহিছিল ছোৱালী চাবলৈ। তাৰপিছত বংশ পৰিয়ালৰ সৈ'তে আহি তামোল- পাণ পেলাই দৰা ঘৰৰ মানুহে বিয়াৰ দিন বাৰ ঠিক কৰিছিল ৷ পদুমীয়ে মনতে ভোৰভোৰালে "আজিকালিনো এইবোৰ কি দিন আহিল । সেই বাকচটোতে ল'ৰাই ছোৱালী পছন্দ কৰি বিয়াৰ দিনো ঠিক কৰিলে । মানুহবোৰো মেচিনেই হ'ল আৰু"
অজানিতে তাইৰ হুমুনিয়াহ এটা ওলাই আহিল । তাই ঝাড়ু ডাল লৈ ঘৰ সৰা কাম আৰম্ভ কৰিলে । তাইৰ দিনটোত বহুত কাম থাকে । ঘৰ সৰা, ঘৰ মোচা, ভাত ৰন্ধা মুঠতে ৰবলৈ সময় নাথাকে । এৰা তাই সেইখন ঘৰত কাম কৰিবলৈ লোৱা বহু বছৰেই হ'ল । প্ৰথমে তাইক মাজনীৰ চোৱা- চিতা কৰিবৰ বাবে শৰ্মানীয়ে ৰাখিছিল ৷ তেতিয়া তাইৰ বয়স সাত আঠ মাহ মানহে হৈছিল । আজি সেই কণমানীজনী ডাঙৰ হৈ বিয়াৰ উপযুক্ত হ'ল । গতিকে পদুমী শৰ্মাৰ ঘৰত কাম কৰিবলৈ লোৱা বহু বছৰেই হ'ল । ৰথৰ চকাৰ দৰে মানৱ জীৱন । সুখ- দুখৰ কিছুমান দুখৰীয়া ছবি মাথো । পদুমীৰ ঘৰৰ অৱস্থা প্ৰথমে ভালেই আছিল। গিৰিয়েকে ৰিক্সা চলাইছিল । সিহঁতৰ তিনিবছৰীয়া সন্তান কৃষ্ণৰ সৈ'তে তিনিটা প্ৰানী সুখেৰেই বাস কৰিছিল । কিন্তু গণেশগুৰিত হোৱা বোমা বিস্ফোৰণটোৱে তাইৰ সোনৰ সংসাৰ ভাঙি চুৰমাৰ কৰিলে । অকালতে উগ্ৰপন্থীৰ ধ্বংস কাৰ্য্যৰ বলী হ'ল পদুমীৰ স্বামী মোহনো । সেই বিস্ফোৰণতেই অ'টৰ সৈ'তে খণ্ড বিখণ্ড হ'ল মোহনৰ দেহ । বৈধব্যৰ সাজটো পিন্ধি পদুমী সাজু হ'ল জীৱন যুদ্ধত যুঁজিবলৈ ৷ চৰকাৰে ক্ষতিপূৰণ দিবলৈ ঘোষণা কৰিছিল যদিও স্বামীৰ মৃত্যুৰ বাবদ পোৱা টকা কেইটা বিচাৰি অফিচে অফিচে বগোৱা বাই ফুৰিবলৈ তাই ইচ্ছা নকৰিলে ৷ সেয়েহে চৰকাৰৰ ঘোষণা ও ঘোষণা হৈয়েই থাকিল । শিক্ষা নাইকীয়া পদুমীয়ে চাকৰীটো আশা কৰিব নোৱাৰে সেয়ে উপায়হীন হৈ লোকৰ ঘৰত কাম কৰিবলৈ ওলাই আহিল। শৰ্মা, শৰ্মানী অফিচলৈ ওলাই যোৱাৰ পিছত মাজনী পদুমীৰ ছোৱালী হৈ পৰে । তাই চাকৰিয়াল শৰ্মা, শৰ্মানীৰ একমাত্ৰ কন্যা মাজনীৰ চোৱা- চিতা কৰাৰ লগতে ঘৰুৱা কাম কৰিবলৈ আৰম্ভ কৰিলে । তাই পুতেকক কাষেৰে কোনোবা ওচৰ চুবুৰীয়াৰ ভৰসাত এৰি থৈ দিনটোলৈ ওলাই আহে নহ'লে যে উপাই নাই, জীয়াই থাকিবলৈ উপাৰ্জন কৰিবই লাগিব ৷ কণমানী মাজনীক খোৱা, ধোৱা সকলো দায়িত্ব তাইৰ । মাজনীয়ে কি খাই ভাল পায়, কি খাই বেয়া পাইছিল, কি পিন্ধি ভাল পাইছিল সকলো হিচাপ তাইৰ। পদুমীৰ হাতত ধৰিয়ে এদিন মাজনীয়ে একোজন দুখোজকৈ খোজ চলালে ৷ এদিন কথা ক'বলৈ শিকিলে । মাজনীৰ থুনুক- থানাক মাত আৰু খোজৰ লয়লাসৰ ভংগী দেখি পদুমীৰ হৃদয় নাচি উঠিল । পদুমীৰ আপদাল, মৰমৰ চেনহত পদুমীৰ আঁচলৰ তলতে মাজনী ডাঙৰ হৈ আহিল । মাজনীৰ সৰু বেমাৰ এটা হ'লেও শৰ্মানীতকৈ পদুমীৰহে তত নাইকীয়া হয়। ঘৰলৈ গৈও শান্তিত থাকিব নোৱাৰে। এবাৰ পুতেক আৰু মাজনী একে সময়তে বেমাৰত পৰিল । মাজনীয়ে কষ্ট পায় বুলি পুতেকক ওচৰৰ মামাকৰ ঘৰত থৈ পুৱাই দৌৰি আহিছিল মাজনীৰ কাষলৈ। তাই যেন ৰাজপুতৰ ধাত্ৰী পান্না জনীহে। মাজনী যেন তাইৰহে ছোৱালী। মাজনীও মাক দেউতাকতকৈ পদুমীৰ সান্নিধ্য বেছি পাইছিল। বেংকৰ উচ্চপদস্থ বিষয়া শৰ্মা শৰ্মানীয়ে পদুমীৰ হাততেই নিজ কন্যাক দিনটোলৈ এৰি দি নিচিন্ত মনে চাকৰি কৰিছিল। চকুৰ পচাৰতে পাখি লগা সময় পাৰ হৈ গ'ল। তাইৰ কণমানী মাজনীও সময়ৰ সোঁতত আগবাঢ়ি ডাঙৰেই হ'ল । আজিকালি তাই পদুমী বাইৰ সহায় নোলোৱাকৈ বহু কামেই কৰিব পৰা হ'ল ৷
আজিকালি মাজনী আৰু পদুমীৰ মাজত দূৰত্ব বাঢ়িল যদিও মাজনীৰ প্ৰতি থকা তাইৰ মৰম স্নেহ অলপো নকমিল। তাইৰ দৃষ্টিত, তাইৰ অন্তৰত এতিয়াও মাজনী সেই অকণমানীজনী হৈয়েই আছে। আজি সেই মাজনীয়ে দৰা পছন্দ কৰি বিয়াত বহিব পৰা হৈছে ৷ পদুমীৰ মূৰত বহু চিন্তাৰ ঘূৰ্ণি বতাহ বলিছে। পাৰ হৈ যোৱা দিনবোৰ পাগুলি পাগুলি নিজৰ কাম কৰি গ'ল। এনেতে শৰ্মাৰ মোবাইলটো বাজিল। বিয়াৰ বিষয়ে কাৰোবাৰ লগত কথা পাতিছে। পদুমীয়ে অনুমান কৰিলে দৰাৰ মাক দেউতাক হ'ব চাগৈ। অলপ সময়ৰ পিছত শৰ্মানীয়ে আহি কৈ গ'ল.......
"পদুমী বিয়ালৈ আৰু দহ দিনহে আছে । কালিলৈৰ পৰা অলপ সোনকালে আহিবি।" পদুমীয়ে উত্তৰ দিবলৈ নাপাওঁতেই শৰ্মা শৰ্মানীয়ে কাৰোবাৰ লগত মোবাইলত কথা পাতিবলৈ লোৱা শুনা গ'ল । সম্ভৱ কাৰোবাক বিয়ালৈ নিমন্ত্ৰণ কৰিছে। আজিকালি ক'ত ঘৰে ঘৰে থুৰিয়া তামোল পাণ দি মানুহ মাতে । সেই ম'বাইলতে নিমন্ত্ৰণ হৈ যায়। পদুমীয়ে মনতে ভোৰভোৰালে । পদুমীৰ মনটোক হঠাতে কলীয়া ডাৱৰ এচপৰাই গ্ৰাস কৰিলে। এৰা নিজৰ ছোৱালীৰ নিচিনাকৈ তাই মাজনীক ডাঙৰ কৰিছে । এতিয়া লোকৰ ঘৰলৈ উলিয়াই দিব। অজানিতে তাইৰ চকুলো নিগৰি আহিল। কোনেও নেদেখাকৈ চকু দুটা মুচি বাচন এজাপ লৈ ধুবলৈ বহিল। তাইৰ এতিয়া বেলেগ এটা চিন্তাইহে মুৰত বাহ ল'লে। মাজনীকটো তাই কিবা এটা উপহাৰ দিব লাগিব।কি দিব ? দহদিনৰ ভিতৰত তাইনো কৰ পৰা পইচা সোপা যোগাৰ কৰে ৷ সাঁচতীয়া টকা কেইটামান আছে পুতেকৰ বিয়াৰ বাবে থোৱা। মাজনীয়ে যিমান ধুনীয়া বস্তু পিন্ধে তাই দিয়া বস্তু কৰ পৰানো পছন্দ হ'ব ৷ নাই তাই মাজনীক কিবা এটা দিবলৈ নাপালে শান্তি নাপায় । মাজনীক সদায় তাই নিজৰ ছোৱালীৰ দৰেই মৰম কৰি আহিছে। মাজনীৰ উপহাৰৰ কথাকে আদি কৰি এশ এবুৰি কথা ভাবি ভাবিয়ে তাই দিনটোৰ কাম শেষ কৰিলে। দিনটো কেনেকৈ শেষ কৰিলে তাই ধৰিবই নোৱাৰিলে। ঘৰলৈ গৈও তাই শান্তিত শুব নোৱাৰিলে ৷ পুতেকলৈ সাঁচি থোৱা টকা দুহেজাৰ মান আছে । উপহাৰ এটা দিবলৈ হ'লে সেই কেইটাকে খৰচ কৰিব লাগিব। সেইকেইটা পইচাৰে উপহাৰ কি দিব ? আৰুনো কি কৰিব তাই মহা চিন্তাত পৰিল। শেষত তাই পালেগৈ এযোৰ কাপোৰ । দুই হাজাৰ টকাত তাই এযোৰ ভাল পাটৰ কাপোৰ পাব। পুতেকলৈ আকৌ সাঁচিব পইচা। সেইকেইটা টকা তাই মুঠতে তাইৰ মৰমৰ মাজনীৰ উপহাৰতে খৰচ কৰিব।
পিছদিনা ৰাতিপুৱা আনদিনতকৈ সোনকালে উঠি পুতেকলৈ ভাত কিটা ৰান্ধি তাই শৰ্মাৰ ঘৰলৈ খোজ ল'লে । ইফালে পদুমী সিফালে পদুমী মুঠতে পদুমী নহ'লে শৰ্মাৰ ঘৰত একো কামেই নহয়। সময়ো কম বিয়ালৈ সেয়ে কামৰ হেঁচাও বেচি। শৰ্মাৰ ঘৰত মুঠতে বিয়াৰ উদুলি- মুদুলি । মাজতে এদিন পদুমীয়ে লগৰে অলপ কাপোৰ কানিৰ কথা জনা গাৱঁৰে এজনীক লৈ পাটৰ কাপোৰ কিনিবলৈ ওলাল। লগৰজনীয়ে তাইক ক'লে-
- পদুমী আজিকালি পাটৰ কাপোৰৰ জুই চাই দাম। আজিকালি যিহে নতুন ডিজাইনৰ কাপোৰ ওলাইছে কিনিবলৈ আমাৰ দুজনম লাগিব ।
লগৰজনীৰ কথা শুনি পদুমী ডাং খাই উঠিল।
- কি কথা ক' তই দুহেজাৰ টকাত এযোৰ ভাল কাপোৰ নাপাম"
সংসাৰৰ ভু নোপোৱা পদুমী বাবে সেইকিটা বহু টকা । পাটৰ কাপোৰ এযোৰ কিয়নো কিনিব নোৱাৰিব । এৰা জীৱনত এযোৰেই পাটৰ কাপোৰ পিন্ধিছিল তাই । গিৰিয়েকে সেইযোৰ বিয়াতে দিছিল । সেইযোৰ সাঁচতীয়া কাপোৰ বিয়াই সবাহে সকামে নিকামে সকলোতে পিন্ধে। কেইবাখনো দোকান ঘূৰি পাটৰ কাপোৰৰ দাম শুনি পদুমীৰ চকু কপালত উঠিল। লগৰজনীয়ে ক'লে-
-ও বাওনা হৈ চন্দ্ৰলৈ কিয় হাত মেলনো ? আঁঠুৱা চাই ঠেং মেলিবি বুজিছ ?
পদুমীয়য়ে শেষত সেউজীয়া ৰঙৰ সূতা ফুলৰ এযোৰ চিম্পল পুৰণা ষ্টাইলৰ কাপোৰ কিনিলে। তাই ভাবিলে তাই মৰমতে দিয়া যেতিয়া মাজনীয়ে হেঁপাহেৰে ল'ব। উপহাৰৰ লগত দামী, সস্তীয়া, নতুন ষ্টাইল পুৰণা ষ্টাইলৰ কি কথা থাকে । মৰমৰ, চেনেহ আৰু আন্তৰিকতাৰহে কথা থাকে তাত। কিন্তু যান্ত্ৰিক যুগৰ অভিজাত্যৰ মূখা পিন্ধা সকলৰ বাবে উপহাৰ অৰ্থ বহুত বেলেগ। তেওঁলোকৰ বাবে উপহাৰত নাথাকে হৃদয়ৰ আবেগ, অনুভূতি আৰু আন্তৰিকতাৰ প্ৰকাশ, থাকে মাত্ৰ দামী ব্ৰেণ্ড, ষ্টাইল আৰু টকাৰ বিজ্ঞাপন।
পদুমীয়ে যেন বহুত ডাঙৰ কাম এটাহে কৰিলে ৷ অৱশেষত তাই মাজনীক দিবলৈ এটা উপহাৰ কিনিলে। কাপোৰযোৰ আনি আলফুলকৈ পেকিং কৰি বাকচত ভৰাই থলে। সেইটো তাই মাজনীলৈ অনা মৰমৰ উপহাৰ। উপহাৰটো আনিবলৈ তাই পুতেকলৈ থোৱা সাঁচতীয়া পইচা কেইটা ভাঙিবলৈও কুণ্ঠাবোধ নকৰিলে। ৰাতি বিছনাত পৰাৰ পাছটো বহু কথাই তাইৰ মন জগতত ঘূৰি থাকিল। মাজনীয়ে বাৰু তাইৰ কথা জোঁৱাইক কৈছেনে ? যাবৰ সময়ত এবাৰ বিচাৰিবনে তাইৰ পদুমী বাইক। তাই আকৌ নিজকে নিজে কয় কিয়নো নিবিচাৰিব । জন্মহে দিয়া নাই তাইক কিন্তু মাকে কৰা সকলো কামেই তাইহে কৰিছে। তাইটো মাজনীৰ ধাইমাক ৷
শেষত বহু প্ৰতিক্ষাৰ দিনটো উপস্থিত হ'ল। মাজনীৰ বিয়াৰ দিন। পদুমীৰ ৰবলৈ সময় নাই। আগদিনাই উপহাৰটো ঠিক কৰি লৈছে আৰু নিজেও বিয়াৰ দিনা নিজৰ সাঁচতীয়া পাটৰ সাজটো পিন্ধি ল'লে। তাইৰ আজি ৰবলৈ সময় নাই। ক'ত যে কিমান কাম। ৰভাঘৰ বন্ধু- বান্ধৱ আৰু মিতিৰ কুটুম্বে ভৰি পৰিল। শৰ্মা শৰ্মানীৰ গাত আজি য'ত নাই । নিজৰ একমাত্ৰ জীয়েকৰ বিয়া। বহুত উলহ- মালহেৰে পাতিছে। কামৰ মাজতে চেগ বুজি পদুমীয়ে মাজনীক উপহাৰটো দিবলৈ গ'ল। বন্ধু- বান্ধৱে আগুৰি থকা মাজনীৰ ওচৰ পাওঁতে পদুমীৰ অলপ সময় লাগিল। এবাৰ সুবিধা পাই মাজনীক উপহাৰটো দিলে আৰু কইনা সাজত থকা মাজনীক এবাৰ নয়ন জুৰাই চাই ল'লে। ব্যস্ত মাজনীয়ে এটা মৃদু হাঁহি মাৰি উপহাৰটো ল'লে। উপহাৰটো দিবৰ সময়ত পদুমীৰ দুই এষাৰ কথা পাতিবলৈ মন আছিল কিন্তু বন্ধু- বান্ধৱৰ লগত ব্যস্ত মাজনীৰ লগত পদুমীয়ে কথা পাতিবলৈ সুযোগ নাপালে। উপহাৰটো দি পদুমী সুখী হ'ল। সেইটো যে মাজনীলৈ পদুমীৰ মৰমৰ উপহাৰ। তাই মনে মনে ভাবিলে কইনাৰ সাজত যে মাজনী ব'ৰ ধুনীয়া জনী হৈছে। কাৰোবাৰ বেয়া নজৰ নালাগিলেই হ'ল। সৰুতে যে পদুমীয়ে মাজনীৰ কাৰোবাৰ বেয়া নজৰ পৰে বুলি প্ৰায়ে এডাল ক'লা ৰচি হাতত পিন্ধাইছিল। অতীতৰ স্মৃতি বহ বতাহ এছাটিয়ে তাইৰ মন পৰশি গ'ল । উপহাৰটো দিয়ে পদুমী লৰালৰিকৈ কামত ধৰিলগৈ। তাইৰ যে কামৰ পৰা আহৰি নাই। মাজনীৰ বিয়া তাই যেন গোটেই কামসোপা মুৰৰ ওপৰত ল'ব। এতিয়ালৈকে তাই বিয়াৰ ঘৰত একো এটা মুখত দিয়াই নাই। ঘৰতে পুতেকৰ লগতে খাই অহা চাহ কনেই যি পেটত আছে। কিবা এটাখাই লওগৈ বুলি ভাবোতেই শৰ্মানীৰ ভনীয়েকে তাইক কিবা এটা কামত লগাই দিলে। কাম কৰি শেষ হয় মানে ইফালেই গধূলিয়ে হ'ল। কামৰ পৰা আজৰি পাই খাবলৈ বুলি ৰিচিপচন ৰুম সোমাবলৈ লওতে দুটা মান কেটাৰিংৰ ল'ৰাই তাইক বাধা দিলে।
"সময় হৈ গ'ল ... এতিয়া দৰা ঘৰৰ মানুহৰ খানাৰ প্ৰস্তুতি চলিছে।" তাই উভতি আহিল। মনে মনে ভাবিলে হ'ব তাই নাখালেও একো নাই, দৰাঘৰৰ মানুহে বেয়া নোপোৱাকৈ বিয়াখন হৈ গ'লেই হ'ল। এনেতে বাহিৰত ফটকাৰ শব্দ শুনি পদুমীৰ বুকুখন কঁপি উঠিল। দৰা পালেহিয়ে। তাই লৰালৰিকৈ কাপোৰযোৰ ঠিক কৰি ল'লে। মাজনীৰ জোঁৱাইক এবাৰ নয়ন জুৰাই চাব লাগিব। যাবৰ সময়ত মাজনীয়েটো তাইক এবাৰ বিচাৰিব। আৱেগত তাইৰ দুচকু সেমেকি উঠিল। ইতিমধ্যে মিতিৰ কুটুম্ব, বন্ধু- বান্ধৱে দৰা-কইনা আগুৰি ধৰিলে। দৰা আদৰাৰ পৰ্ব আৰম্ভ হ'ল। পদুমীয়ে সেই জুম ভাঙি দৰা চোৱাৰ সাহস নকৰিলে। অলপ ভিৰ কমিলে চামগৈ বুলি ভাবি তাই পিছফালে বাৰান্দাৰ এচুকত অকনমান বহিলগৈ। দিনটো কাম কৰি তাইৰ ভাগৰো লাগিছিল। তাইৰ বয়সো হৈছে। ইফালে খোৱাৰো খেলিমেলি। টোপনিয়ে তাইক মেৰিয়াই ধৰিলে। গম নোপোৱাকৈ তাই গভীৰ নিদ্ৰাত পৰিল। ইফালে বিয়াৰ সকলো নীতি নিয়ম হৈ গ'ল। মাজনী দৰাৰ লগত যাবলৈও ওলাল। কিন্তু কোনেও পদুমীৰ খবৰকে নল'লে । ৰাতিপুৱা সময়ত শৰ্মানীৰ ভনীয়েকে কিবা কৰিবলৈ পিছফালে যাওঁতে পদুমীক দেখি জগালে-
- ঐ পদুমী কিমান শুবি আৰু অলপ কামত হাত দে ?
পদুমী থতমত খাই উঠিল। তাই ধৰিব পৰা নাই তাই ক'ত আছে । শেষত সকলো কথা পৰিষ্কাৰ ছবিৰ দৰেই মনত পৰিল। মাজনীৰ বিয়া হৈ গ'ল। তাই যাবৰ সময়ত এবাৰো পদুমীক নিবিচাৰিলে। তাইক দুখবোৰে চেপি খুন্দি ধৰিলে। পদুমীয়ে বহা জেগাতে ৰাউচি জুৰি কান্দিবলৈ ধৰিলে। সেই চকুপানীৰ অৰ্থ অতি গভীৰ । এগৰাকী অৱহেলিত ধাইমাকৰ সান্নিধ্যৰ অনুভূতিৰ চকু পানী। কিন্তু আধুনিকা শৰ্মানীৰ ভনীয়েকে পদুমীৰ চকু পানীৰ অৰ্থ বুজি নাপালে। ভিতৰত বায়েকক ক'লেগৈ-
- তহঁতৰ কাম কৰা মানুহ জনীৰ কি হ'ল জানো । শুই আছিল, মই গৈ জগাই দিলোঁ এতিয়া ৰাউচি জুৰি কান্ধিবলৈ লাগিল ৷
শৰ্মানীয়েও পদুমীৰ কান্দোনৰ অনুভূতি অনুভূৱ কৰিব নোৱাৰিলে। তাই ভনীয়েকক ক'লে-
- এইবোৰ সব নাটক । ৰাতি কামৰ সময়ত মনে মনে শুই থাকিল। আজি চাগৈ কাম কৰিবলৈ মন নাই । তাই গ'লেগৈ দিনটোৰ কাম বোৰ কোনে কৰিব।
ভনীয়েকে হয়ভৰ দিলে
- বুদ্ধি কৰি তাইক ৰাখিব লাগিব। এটা কাম কৰ বিয়াত উঠা কিবা গিফ্টকে দি দে । এইবোৰ মানুহে বস্তু পালেই ঠিক হৈ যায়।
- চা চোন চা কিবা অৰডিনেৰী গিফ্ট ৷
- এই বাইদেউ এইযোৰ চা কিবা অদ্ভুত সেউজীয়া ৰংৰ বৰ পুৰণা ডিজাইনৰ কাপোৰ। মাজনী আমেৰিকালৈ যোৱাৰ পিছত ক'তনো মেখেলা- চাদৰ পিন্ধিব আৰু ইমান আউটডেটেড ষ্টাইলৰ কাপোৰ তাই কেতিয়াও নিপিন্ধে। আৱৰ্জনা হৈ পৰি থাকিব ৷
- চাও দে, দি দিও এইযোৰকে । কোনেনো দিয়ে জানো ইমান থাৰ্ড ক্লাচ গিফ্ট। সিহঁতেনো কি বুজি পাই নতুন ষ্টাইল পুৰণা ষ্টাইল। নতুন কাপোৰ দেখিলে ই খুচ হৈ যাব।
শৰ্মানীয়ে কাপোৰযোৰ আকৌ ভালকৈ পেকিং কৰিলে । অলপ সময়ৰ পিছত তেওঁ উপহাৰটো লৈ পদুমীৰ কাষ চাপিল।
- এই পদুমী, কি হ'ল তোৰ এইফালে চাচোন... এইটো গিফ্ট মাজনীৰ জোঁৱাই তোলৈ আনিছিল । হো ল..ল আকৌ এইটো । কন্দা কটাখন কিয়নো কৰিছ ? চা চোন মই মাক জনীয়ে হৈয়ে কন্দা নাই ..."
এৰা শৰ্মানীয়ে মাত্ৰ জন্মহে দিছিল নিজৰ জীয়াৰীক আৰু নো কি কৰিছিল । পদুমীৰ দৰে মাজনীৰ সান্নিধ্যই বা কিমান পাইছিল কান্দিবলৈ। শৰ্মানীৰ কথা শুনি ইতিমধ্যে পদুমীৰ মনটো অলপ ফৰকাল হ'ল। তাই মনে মনে মনে ভাবিলে মাজনীয়ে মানে তাইৰ কথা জোঁৱাইক কৈছিল। তাই চাগৈ বিচাৰিছিলো যাবৰ সময়ত। তাইৰ সেই আপদীয়া টোপনিটোৰ কথা ভাবি নিজলৈকে খং উঠিল। মাজনীয়ে চাগৈ তাইক কিমান বিচাৰিলে তাকে ভাবি পদুমীৰ কান্দোন দুগুণ চৰিল। শৰ্মানীৰ পেটে পেটে খং উঠিছিল যদিও খংটো সামৰি ৰাখিলে কাৰণ তাইৰ ভয় পদুমী যাবলৈ হ'লে দিনটোৰ কামসোপা কি হ'ব। তাই নহ'লে কোনে কৰিব। শৰ্মানীয়ে অতি কোমলকৈ মাতটো উলিয়ালে । তোষামোদৰ সুৰেৰে...
- অ' পদুমী চা চোন ... তাই এই কন্দা কটা খন কিয় কৰিছ । তই এনেকৈ কান্দিছ বুলি গম পালে মাজনীৰ মনটো কিমান বেয়া হ'ব চা চোন বাৰু ৷
শৰ্মানীৰ কথাষাৰে কামত দিলে । পদুমীয়ে মাজনীয়ে মনত দুখ পোৱা কাম কেতিয়াও নকৰে। তাই নিজকে চম্ভালি কান্দোন বন্ধ কৰিবলৈ যত্ন কৰিলে। লাহে লাহে চাদৰ আগেৰে চকু দুটা মুচি মুৰ দাঙিলে । শৰ্মানীয়ে উপহাৰটো পদুমীৰ আগত দাঙি ধৰিলে । পদুমীয়ে হাত পাতি উপহাৰটো ল'লে । বৰ আগ্ৰহেৰে পেকেটতো খুলিলে কিন্তু তাইৰ বুকুখন মুচৰ খাই গৈছিল যেতিয়া দেখিছিল সেইটো শৰ্মাৰ জোঁৱায়েকে তাইলৈ অনা উপহাৰ নহয় । বৰঞ্চ তাই মাজনীলৈ অনা উপহাৰটোহে । তাৰমানে তাইক তেওঁলোকে আভুৱা ভাৰিলে । পদুমীৰ বুকুখনে কিন্তু এইবাৰ যন্ত্ৰণাত হাঁহাকাৰ নকৰিলে । প্ৰচণ্ড ঘৃণাৰ কিছুমান বিছা যেন তাইৰ গালৈ বগোৱা বাই আহিল । সন্মুখৰ টেবুলখনতে তাই উপহাৰটো থৈ লাহে লাহে বাৰান্দাৰ পৰা নামি আহিল । এখোজ দুখোজকৈ তাই আগুৱাই গ'ল । পাছফালৰ পৰা কোনোবাই মাতিছিল । কিন্তু তাই ঘূৰি চোৱাৰ প্ৰয়োজন অনুভৱ নকৰিলে । তাই অনুভৱ কৰিছিল মাজনীবিহীন ঘৰখনত তাইৰ আৰু প্ৰয়োজন আজিৰ দিনটোতেই শেষ হ'ব ৷








