সেন্দূৰ (প্ৰিয়াংশু প্ৰাঞ্জল)

গা- মূৰ তিয়াই আহি আইনা খনৰ সন্মুখত বহি নিজকে বাৰে বাৰে চাইছে । ভিজা চুলিকোচা কপাহীচাদৰৰ আচলৰে খামুচি ধৰিছে ৷ ন- বোৱাৰী অলপটো সাজি কাচি থাকিব লাগিব ৷ আলহীৰ কমাই নাই ৷ ৰাতি পুৱাৰ পৰা নিশা ভাত মুঠি খোৱা লৈকে আজৰি নাই ৷
মাকে দি পঠিওৱা নীলা চাদৰখন গাত মেৰিয়াই চাইছে ।বেয়া লগা নাই ৷ এওঁ বা কি কয় ৷ কি নো ক'ব ভালেই লাগিছেচোন ৷ কাপোৰযোৰ পিন্ধি সেন্দূৰৰ টেমাটো লৈ ফুটটো ল'বলৈ ধৰোতেই কাণমাণিজনী আহি সাবটি ধৰি সুধিছিলি
- মা……মা……লগৰ বোৰে কৈছে মোৰ দেউতা বোলে আৰু কেতিয়াও নাহে ৷
চিৰিঙকৈ মাৰিল বুকুখন, কঁপি কঁপি সৰি পৰিল হাতৰ পৰা সেন্দূৰৰ টেমাটো ৷ ঘূৰি আহিছিল বাস্তৱৰ পৃথিৱীখনলৈ ৷ আজি এবছৰ হ'ল নতুন ঘৰখনলৈ আনি গৰ্ভত কণমানীজনীক এৰি তেওঁটো গুছি গৈছিল । নীলা কাপোৰযোৰ আকৌ জাপি আলমাৰিত থৈ উলিয়াই আনিল পিন্ধিবলৈ আন এজোৰ শুভ্ৰ সাজ ৷