কিয় জানো মোৰ সদায়ে ভাৱ হয় বৰষুণ যেন এটা সুৰিয়া কবিতা ৷ ৰুনজুন নূপুৰৰ বাখৰুৱা লহৰ তুলি বৰষুণ যেতিয়া নামি আহে ধৰালৈ গছ বিৰিখক কৰিবলৈ গভীৰ সেউজীয়া আৰু হৃদয়ে হৃদয়ে সানিবলৈ অমল প্রশান্তি ৷ সেয়ে বৰষুণ এটা কবিতা নহয়নো কি? সেই তাহানিৰ পৰায়ে মই বৰষুণ আকলুৱা ৷ সাত কি আঠ বছৰ বয়স তেতিয়া ৷ শৈশৱৰ সেই নুবুজা দিনবোৰতে মই বৰষুণ ভাল পাব লৈছিলো ৷
বৰষুণ আহিলে মোক কোনে পাই উলাহত নধৰা হয় হিয়া । বৰষুণত তিতিবলৈ চোতাললৈ দৌৰ মাৰো ৷ মায়ে বাৰণ্ডাৰ পৰা চিঞৰে খঙত । উভতি আহিবিনে ? দেউতাই মাক বুজাই খং নকৰিবা তিতক দিয়া তাইক শৈশৱটো উপভোগ কৰিবলৈ দিয়া ৷ তেতিয়া দেউতালৈ বৰকৈ মৰম লাগি যায়। হেঁপাহ পলুৱাই বৰষুণত তিতো । মোৰ ৰঙা হালধীয়া ফুটুকীয়া ফ্রক তিয়াই বৰষুণ নামি যাই মাতিলৈ ৷ মই আনন্দত আত্মহাৰা হওঁ ৷ বাৰণ্ডাৰ পৰায়ে মোৰ সেই আনন্দ ঘৰৰ আটায়ে ভৰপুৰ চাৱনীৰে চাই ৰয় । চিঞৰি চিঞৰি ভাইটি আৰু ভণ্টিক মাতো নাই সিহঁত নাহে কাৰণ সিহঁতে বৰষুণলৈ ভয় কৰে অসুখ হ'ব বুলি ৷ ৰাতিলৈ কিন্তু মোৰ ঠিকে অসুখ হয় ৷
মায়ে কপালত জলপতি দিয়ে ৷ জৰৰ মাজতো বৰষুণত তিতাৰ মিঠা অনুভৱৰে ভৰি থাকে হিয়া । মাক কওঁ-
মা আজি ইমান ভাল লাগিছে কাইলৈ বৰষুণ আহিলে মই আকৌ তিতিম দেই ৷
- হাঃ.....
মায়ে অবাক চাৱনিৰে মোলৈ চাই ৰয়। মাক মই তেতিয়া সাবটি ধৰো কওঁ মই ভাল হৈ যাম চাবা ।
- হাঃ.....
মায়ে অবাক চাৱনিৰে মোলৈ চাই ৰয়। মাক মই তেতিয়া সাবটি ধৰো কওঁ মই ভাল হৈ যাম চাবা ।
সঁচাকৈ পুৱালৈ মোৰ অসুখ ভাল হৈ যায় । মোৰ বৰষুণ প্রীতি দেখি অসুখেও হাৰ মানে ৷
বৰষুণৰ প্রতি সেই অপাৰ অনুৰাগ লৈয়ে লাহে লাহে মই যৌৱনত ভৰি দিওঁ । সংগোপণে ওমলি থাকে মনৰ মাজত সপোন যেন এজাক বৰষুণ । সেই বৰষুণেও হয়তে পাহৰিব নোৱাৰে মোক ৷ গভীৰ ৰাতি টোকৰ মাৰে মোৰ দুৱাৰত ৷ খপ- জপাই সাৰ পাওঁ বাহিৰত সেইয়া কিহৰ শব্দ ৰুনজুন নূপুৰৰ গুঞ্জন তুলি বৰষুণ… উত্ত্বল হৈ বাহিৰলৈ দৌৰি যাওঁ । দুহাত মেলি মই বৰষুণৰ টোপালবোৰ চুই চাওঁ ইমান শীতল এটা হিম চেঁচা পৰশ । আঃ কি শিহৰণ...... মোৰ কপাল চকু ওঁঠ তিয়াই বুকুৰ অটল তলিলৈকে সোমাই যাই বৰষুণ । নিবিড়ভাৱে সাবটি ধৰো বৰষুণক আৰু কওঁ নাযাবা বৰষুণ মোক এৰি থৈ নাযাবা দিয়া জাউৰি দিয়া মোক আজি আকৌ এবাৰ জীপাল কৰা ৷ ভৰি উঠক মোৰ প্রথম যৌৱনৰ অনুভৱ ৷ আজিকালি মই বাৰুকৈয়ে অভাৱ অনুভৱ কৰিবলৈ লৈছো অসমৰ বৰষুণজাকৰ । আকাশ ভাঙি বৈ অহা বৰষুণজাকৰ মিঠা সান্নিধ্য পৰা বঞ্চিত হোৱাৰ এক অসহনীয় বেদনায় প্রায়ে অস্থিৰ কৰে মোক ৷ মই জানো যদিও ৰাখিব নোৱাৰো বৰষুণক আজন্ম মোৰে কাষত ৷ তথাপি হিয়া উজাৰি আশা কৰো এজাক বৰষুণ আহক শৈশৱত তিতাৰ দৰে আকৌ এবাৰ জুৰুলি জুপুৰি হম ৷ বাৰুকৈয়ে প্রয়োজন আজি মোক এজাক বৰষুণৰ ৷ কাৰণ বৰষুণেহে জানে দুখ কি ? সংগোপোনে প্রোথিত কৰিছো সেই গোপোন হেঁপাহ ৷ সোনকালে মই মোৰ দেশলৈ যাম ৷ চিপচিপ্ মায়াবী বৰষুণজাকত নিজক বিলীন কৰিম ৷ এইবাৰ কিন্তু বৰষুণজাকক মোৰ পৰা আঁতৰি যাবলৈ নিদিও ৷ দুহাতৰ মুঠিত সুমুৱাই ৰাখিম বৰষুণৰ কণ কণ ৰূপোৱালি তৰাবোৰ ৷
ঠিকনাঃ বাংগালোৰ
দূৰভাষঃ ০৯৪৮২০৯৩৫০৮








