ভালপাওঁ তোমাক (মনি ডেকা)

তুমি ভালপোৱাতকৈ
বহুত বেছি ভালপাওঁ তোমাক ৷
বিচাৰো তোমাক
তুমি বিচৰাতকৈও বহুত বেছি...
মৰম দিব বিচাৰো তোমাক
তুমি দিয়াতকৈও বেছি ৷
মোৰ হৃদয়ে জানে,
যদি চাব বিচাৰা
চোৱা হৃদয় ফালি ৷
কলিজাটোৱেই দেখোন দি গৈছো তোমাক
চোৱা পাব সকলো বিচাৰি
একমাত্ৰ ভগৱানেহে জানে
কিমান ভালপাওঁ তোমাক ৷
তোমাক দেখিলে এনে লাগে
জীৱনটোত যেন সকলো পালো
আৰু কাৰো পৰা একো পাবলগীয়া নাই ৷
হৃদয়ৰ স্পন্দন তুমি
সুখ- দুখ, হাঁহি- কান্দোন সকলো তুমি
সৰুৰ পৰাই যিটো সপোন
আজিলৈ পুহি ৰাখিছিলো হৃদয়ত
তোমাক পাই আজি মোৰ
সপোন পুৰ হ'ল জানা ?
সকলো সমস্যাৰ পৰা বচাই ৰাখিম
আমাৰ প্ৰেম
দুনীয়াই যিয়েই নকওঁক কিয়
থাকিম সদাই ইজনে সিজনৰ
মৰমৰ দুবাহুৰ মাজত
কেতিয়াবা যদি তুমি মোক
পাহৰি যোৱা....
মাথোন এটি কথা সকলোকে ক'বা
সেই যে দেখিছা পাগলীজনী
তাই মোৰ প্ৰেমৰ পাগলী আছিলও
তাই যিমান মৰম কৰিছিল মোক
আন কোনেও নোৱাৰে কৰিব
তাতেই শান্তি পাম মই...
সঁচা প্ৰেম বিচাৰিয়েইতো আজিৰ
দুনীয়া পাগল.... ৷