শীতৰ জঠৰতাত ঠেঁটুৱৈয়ে
ধৰা বেলিটো
ঠেৰেঙা লাগিছে
আঘোণৰ পথাৰত
আঘোণৰ পথাৰখন থাকে শুই
কুঁৱলীৰ শুকুলা চাদৰ মেৰিয়াই
কাহিলীপুৱাৰ বতাহী পক্ষীজাকে
চুমা আঁকি যায়
নিয়ৰ সনা ধানৰ থোকত
সুৱাগমণি মাণিকীমধুৰী
বকুল বৰা চেনি জহা ধানৰ
পুৱাৰ হিম চেঁচা বতাহজাকে
কঢ়িয়াই আনে বুকুলৈ সোমাই যোৱা
পকা ধানৰ সুগন্ধ .........।
ঠিকনাঃ টেঙাখাত, ডিব্ৰুগড়
ফোনঃ ৯৯৫৭৬৩৩২২
ধৰা বেলিটো
ঠেৰেঙা লাগিছে
আঘোণৰ পথাৰত
আঘোণৰ পথাৰখন থাকে শুই
কুঁৱলীৰ শুকুলা চাদৰ মেৰিয়াই
কাহিলীপুৱাৰ বতাহী পক্ষীজাকে
চুমা আঁকি যায়
নিয়ৰ সনা ধানৰ থোকত
সুৱাগমণি মাণিকীমধুৰী
বকুল বৰা চেনি জহা ধানৰ
পুৱাৰ হিম চেঁচা বতাহজাকে
কঢ়িয়াই আনে বুকুলৈ সোমাই যোৱা
পকা ধানৰ সুগন্ধ .........।
ঠিকনাঃ টেঙাখাত, ডিব্ৰুগড়
ফোনঃ ৯৯৫৭৬৩৩২২







