দায়িত্ব (পাপৰি বৰ্মন)

লেখিকা হিচাপে সমাজখনে অলপ জনা হোৱাৰ পিছত জবা চৌধুৰী য়ে নিজৰ গল্পৰ শাৰীটো কেনেকৈ লিখিলে ভাল হ'ব ভাবি আছে। সমাজে ভাল পোৱাকৈ লিখিব লাগিব । সেয়ে তেখেতে লিখিব ল'লে, "বন্দনাই শাহুৱেকৰ সকলো কথা আখৰে আখৰে পালন কৰিছিল । শাহুৱেকে তেওঁৰ নিজৰ ল'ৰাটোক উপযুক্ত ভাৱে গঢ়ি তুলাই বন্দনা ই আজি সুখৰ সংসাৰত আছিল । শাহুৱেকৰ প্ৰতি বন্দনাৰ দায়িত্বৰ কথা বন্দনাই বুজিছিল।"

তেনেতে জবা চৌধুৰী লৈ অহা ফোন ক'লটো ৰিচিভ কৰি তেখেতে চিঞৰি উঠিল, "অনুজ, বাৰে বাৰে কৈছো তোমাক, মোক দিগদাৰ নকৰিবা মই কিবা লিখি আছোঁ । বুজিছো তোমাৰ মাৰ অসুখ হৈছে । আৰে মোৰ শাহু হ'লে কি হ'ল ? মোক কিবা জন্ম দিছেনেকি ? তোমাক চিকিৎসক বনাওতে তেওঁ কিমান তাতশালত কাপোৰ বই বিক্ৰী কৰিলে মই জানি কি কৰিম।"