হেঁপাহ (যোগেশ বিকাশ)

গুপুতে গুপুতে
আলিঙ্গন
তুমি মোৰ
মই তোমাৰ
ৰহি সাঁজৰ দৰে
তোমাৰ ৰাগীতেই
মতলীয়া পুৱা গধূলি
নিশাৰ সামাজিকতো
আলিঙ্গন
তুমি মোক মই তোমাক
আগুৱাই নিবই লাগিব
জগত সভালৈ
এইয়ে মোৰ হেঁপাহ
তোমাক লৈ বিশ্ব জিনাৰ

ঠিকনাঃ লক্ষীপথাৰ, ডিগবৈ