সেই নীলাৰ কথাৰে...............
"আঘোণে পোখা মেলিছে ! তাইহঁত ৰঙিলী হৈ আছে পথাৰলৈ যোৱা হেঁপাহত ! এইবাৰ গোটেই জাক ওলাইছে ৷ ন- দাৱনী......।" সোণোৱালী ধানৰ থোকে যেন মেদিনীতকৈও বহুগুণে উজলি উঠিছে ৷ সিহঁত কেইজনীয়ে কাঁচিয়ে কেচ্ কেচ্ কৰি ধান কাটিব, হাঁহিৰ খিকিন্দালিয়ে ন- পথাৰৰ পৰিৱেশ লচপচাই তুলিব ।আৰু সেয়ে ডেকা কেইটিৰ ও গা হাতখন আঠখন এইবাৰ।।সৌ পথাৰৰ মাজতেই বিচাৰিব মনৰ প্ৰেয়সীক ৷ বাহঃ কি যে মনোমোহা ক্ষণ ৷ প্ৰেমিক নিবিড়ও চাই পঠিয়াব সেই নীলা জনীলেও ৷ লাজত ৰঙা পৰা গুলপীয়া গাল টিক্ টিককৈ জিলিকিব সুৰুজৰ পৰশত ৷ সুঠাম হাঁহিৰ ভাষাই নিবিড়ৰ কলিজাখনো চুই যাব চুৰকৈ ৷ প্ৰেমৰ ৰাগিত মতলীয়া হৈ সুহুঁৰি ওলাব ওঁঠ ফাটি ৷ সোণোৱালী ধানৰ মুঠিয়ে মুঠিয়ে যেন ভালপোৱাৰ ৰঙ তাইহঁতে খাবলৈ নিয়া জলফাইৰ সোৱাদ ল'বলৈ যেন ডেকাহঁতৰো মন ৷ এনেকৈ চলি থাকিব লাজুক লাজুক প্ৰেমৰ বন্ধন ৷ ডাঙৰি বন্ধাৰ চলেৰে নীলাহঁতক জোকাই খঙ তুলিব ৷ সময়ে পাখি মেলি উৰি যাব.......। ৰান্ধনী বেলিৰ ৰঙে সুমথিৰা বোল সানিব আৰু সেই নীলাজনী হৈ পৰিব আঘোণৰ আজলি ছোৱালী আৰু লগতে তাইহঁত আৰু ডেকাবোৰে মনত বাৰুকৈ ভাবিব সেই নীলাহঁতৰ সৌন্দৰ্য্যৰ কথাবোৰ ফৰিঙ যেন মনটিৰে........!







