কেইখোজ মান গৈ মোৰ চকুত পৰিল গোটেই বিলডিং খনৰ আগফালে সজাই থোৱা ফুলৰ টাপবোৰ, সেইবোৰ যেন ৰৈ আছে কলেজলৈ নতুনকৈ অহা মানুহবোৰক স্বাগতম জনোৱাৰ অপেক্ষাত । মই ইফালে সিফালে গুৰি চাই চিধাই গৈ বাইদেউৰ ৰোমৰ দুৱাৰ মুখত ৰৈ দিলো । নিয়ম অনুসৰি আনৰ দৰে ময়ো ক'লো May I come in maam ? এয়াই মই বাইদেউক প্ৰথম দেখিলো । কোনো দিন নেদেখা নজনা অচিনাকি অভিজ্ঞ ব্যক্তিৰ দুৱাৰ মুখত অৱস্থান । বাইদেৱে মোৰ তুলি চাই শান্তিৰে ভৰপূৰ এটা কণ্ঠৰে মিঠাকৈ মাত এষাৰ দিলে,"আহা, আহা, বহা ৷" ময়ো তেওঁৰ মাতত আনন্দিত হৈ ৰোমখনৰ ভিতৰলৈ প্ৰৱেশ কৰিলোঁ । বাইদেউৰ চাৰিওফালে কেৱল মানুহ আৰু মানুহ । আগফালে চকীকেইখনত কিছু মানুহ বহি আছে, এগৰাকী মানুহ তল মূৰ কৈ বহি নিজৰ কামত ব্যস্ত হৈ আছে, কিছু মানুহ থিয় হৈ আছে । মানুহবোৰ বেছিভাগ মোৰ দৰে নতুন মানুহ । মানে কলেজৰ কাৰণে নতুন মই সেই কথাটোহে ক'লো । ময়ো গৈ বাইদেউৰ টেবুলৰ আগত মানুহৰ মাজত ৰৈ দিলো । আৰু ৰৈ ৰৈ দেখিছো, শুনিছোঁ বিভিন্ন মানুহে সোধা বিভিন্ন প্ৰশ্ন এটাৰ পিছত এটাকৈ । প্ৰশ্নবোৰ মানে সকলোৰে নাম ভৰ্তিৰ বিষয়ে সোধা প্ৰশ্ন । মই লক্ষ্য কৰি আছিলোঁ ড° মানশিখা বৰুৱা বাইদেউৰ প্ৰতি তেওঁ কোনো দ্বিধাবোধ নকৰাকৈ দি আছিল মানুহৰ প্ৰশ্নৰ উত্তৰ এটাৰ পিছত এটাকৈ । বাইদেউৰ এই প্ৰশান্তিৰে ভৰা মিঠা মাতেৰে কোনো খং নকৰাকৈ পাতি থকা কথাবোৰ দৃশ্য মই মন্ত্ৰ মুগ্ধ হৈ চাই আছিলো । মই বৰ আচৰিত হৈ পৰিছিলো কি কথা সৰুৰে পৰা অনেক principal ক দেখি আহিলো কিন্তু কোনো দিন principal য়ে মানুহৰ লগত ইমান আন্তৰিকতাৰে কথা পাতি থক মই আৰু ক'তো দেখা নাই ! কি সুন্দৰ সৰল ব্যক্তিত্ব আৰু সবল নেতৃত্বতৰ অধিকাৰী এগৰাকী অসাধাৰণ মানুহ । সাধাৰণতে ছাত্ৰ ছাত্ৰীয়ে আন আন শিক্ষক- শিক্ষয়ত্ৰীৰ পৰা principal ক কিছু পৰিমাণে হলেও ভয় কৰে । অৱশ্যে তাৰ কাৰণ নথকা নহয় বেছিভাগ principal য়েই ছাত্ৰ ছাত্ৰীৰ লগত কথাই নকয়, ক'লেও চকু দুটা ৰঙা, মাতটো খহটা আৰু আন্তৰিকতা বুলিবলৈ একোৱেই বিচাৰি পোৱা নাযায় কিন্তু মই ড° মমানশিখা বৰুৱা বাইদেউক পালো তাৰ সম্পূৰ্ণ বিপৰীত ! যিয়েই নহওক অৱশেষত মোৰ প্ৰশ্নটো মই বাইদেউক সুধিলো আৰু সহাঁৰি পালোঁ অৱশেষত মই যে ইশ্বৰৰ কৃপাত এই কলেজ অৱ ইডুকেচন নগাঁৱত নাম ভৰ্তি কৰি এই কলেজৰ ছাত্ৰ হৈ পৰিলো ৷
নাম ভৰ্তিৰ পিছত হেঁপাহেৰে বাট চাই আছো কেতিয়া ক্লাছ আৰম্ভ হ'ব কেতিয়া নতুন শিক্ষাগুৰুৰ পৰা পাঠ গ্ৰহণ কৰিম । বাট চাই থাকোতে থাকোতে ছেপ্টেম্বৰ মাহৰ ২৫ তাৰিখে আৰম্ভ হৈ গ'ল ক্লাছ । বহি আছো মনে মনে এগৰাকী নতুন শিক্ষগুৰুক লগ পোৱাৰ হেপাঁহৰে । সময় ঠিক ৰাতিপুৱা দহ বাজিছে শ্ৰেণীৰ ভিতৰত প্ৰৱেশ এগৰাকী প্ৰৱক্তা মুখত মিচিকিয়া হাঁহি , মাৰ্জিত সাজ- পোছাক পৰিধান কৰি শ্ৰেণীত উপস্থিত হোৱাৰ লগে লগে শ্ৰেণী কোঠা একেবাৰে শান্ত হৈ পৰিল ! তেখেতেই মই প্ৰথম দিনাই Principal বাইদেউৰ ৰোমত চকী এখনত বহি থকা দেখিছিলো । তেখেত কোন জানেনে ? মোৰ আদৰৰ শিক্ষাগুৰু multidiciplanary international Golden reresearch thought editoral board ৰ সদস্যা ড° শেৱালী বৰা বাইদেউ । প্ৰথম দিনাৰ প্ৰথম ক্লাছতেই পাইছিলো এক ব্যতিক্ৰমী আনন্দ । এনেকৈ আৰম্ভ হৈ গ'ল ক্লাছ বিভিন্ন শিক্ষা গুৰুৱে বিভিন্ন বিষয়ৰ ক্লাছত তেওঁলোকৰ জ্ঞান গৰ্ব বক্তৃতাৰে শ্ৰেণীৰ সকলোৰে মনোযোগ আকৰ্ষণ কৰিবলৈ ধৰিলে । সঁচাকৈয়ে মই পাহৰিব যাব নোৱাৰো শ্ৰদ্ধাৰ বাইদেউ আৰু ছাৰ সকলৰ সৰু ডাঙৰ অমৃত কথাবোৰ । পাহৰিব নোৱাৰা প্ৰৱক্তা ৰুনজুন বৰা বাইদেউৰ কণ্ঠ স্বৰৰ প্ৰতিধ্বনি, পাহৰিব নোৱৰো প্ৰৱক্তা অনুপমা গায়ন বাইদেউৰ সুন্দৰ সুন্দৰ তত্ত্ব গধুৰ কথাবোৰ, মনৰ পৰা কেতিয়াও হেৰাই নাযাব আদৰৰ পৰিস্মিতা বৰা বাইদেৱে মৰমেৰে কোৱা কথাবোৰ, মনত পৰে সদায় প্ৰৱক্তা পিতিমা বৰা বাইদেউৰ কিছুমান বাস্তৱ কথা, কেতিয়াবা ভাবো শ্ৰদ্ধাৰ জাহ্নবি বাইদেউৰ কথা বাইদেৱে যেন পৃথিৱীৰ আটাইতকৈ খং নথকা মানুহ ! দুটা বছৰ ক্লাছ কৰালে এটা দিনো এক ছেকেণ্ড সময় খং দেখা নাপালো, প্ৰৱক্তা মিতালী বাইদেউৰ language and Curriculam paper খনৰ ক্লাছত ইংৰাজী ভাষা শিকিবলৈ কোৱা বিভিন্ন কথাবোৰ, কেতিয়াও মনৰ পৰা আতৰ নহ'ব প্ৰৱক্তা তুলিকা শইকীয়া বাইদেউৰ মিঠা মাত, মনত থাকিব সদায় প্ৰৱক্তা ৰিজুমনি কোঁৱৰ বাইদেৱে কোৱা hard working সম্পৰ্কীয় কথাবোৰ, প্ৰৱক্তা লীনা বাইদেউৰ শান্ত আৰু মিঠা কথাবোৰ, পাহৰিব নোৱাৰো প্ৰৱক্তা বন্দনা বাইদেৱে শিকোৱা অংকবোৰ, স্মৃতিত সংৰক্ষিত হৈ থাকিব প্ৰৱক্তা ৰুমি মেমৰ অনুপ্ৰেৰণা মূলক বাক্য বোৰ, সৌৰজিৎ ছাৰ আৰু মিথুন ছাৰৰ মৰম পাহৰি যাব নোৱাৰিম !
শ্ৰদ্ধাৰ শিক্ষা গুৰুসকলে শ্ৰেণীৰ ভিতৰত বা বাহিৰত যিকোনো সমস্যাৰ সমাধান কৰি দিয়া ছাত্ৰ ছাত্ৰীক মানুহ হিচাপে একো একোজন ভাল শিক্ষক হিচাপে গঢ় দি তোলাৰ যি উৎসৰ্গিকৃত মানসিকতা তথা উদাৰ মন আৰু বহল দৃষ্টিভংগী সেয়া সঁচাকৈয়ে প্ৰশংসনীয় । শিক্ষাগুৰু সকলে ছাত্ৰ ছাত্ৰীৰ সৈ'তে যি ঘনিষ্ঠ সম্পৰ্ক আৰু friendship বজাই ৰাখে মোৰ মনে কয় গোটেই অসমৰ ভিতৰত হয়তো এনে উদাহৰণ পোৱা খুবেই তাকৰ । জীৱনত পাহৰি যাব নোৱাৰা কথা মানুহৰ বহুত থাকে ঠিক তেনেকৈ মোৰ মনতো কিছুমানে পাহৰি যাব নোৱাৰা কথা নথকা নহয় তাৰ ভিতৰত এটা আটাইতকৈ বেছি পাহৰি যাব নোৱাৰা কথা হ'ল বি. এডৰ প্ৰেক্টিছ টিচিং । এই প্ৰেক্টছ টিচিংৰ গাইট হিচাবে হয়তো আন এক সৌভাগ্যৰ বাবে পাইছিলো ডo শেৱালী বাইদেৱক । বাইদেৱে টিচিঙৰ পৰা আদি কৰি টিচাৰলৈকে, পাঠ্যক্ৰমৰ পৰা আৰম্ভ কৰি বাস্তৱ জীৱনৰ দিশ সমূহ ইমান ধুনীয়া ধুনীয়া কথাবোৰেৰে নিজৰ ভাইটি সম মৰমেৰে যিবোৰ কথা কৈছিল আৰু বাস্তৱৰ কৰ্ম জীৱনৰ জ্ঞান অকৃপণভাৱে বিলাই দিছিল সেয়া হয়তো জীৱনত কেতিয়াও পাহৰি যাব নোৱাৰিম !







