হৃদয়ত কেতিয়াবা বহু কথাই গুজৰি গুমৰি থাকে । বহু কথাৰ আঁৰত ৰৈ যায় ক'বলৈ মনত খুপুনি পোতা অনুভৱবোৰৰ কথা । হৃদয়ত যিমানে ভাৱনাৰ উগুল থুগুল হয় সিমানেই খলকনি উঠে সেই ভাৱনাৰ সাগৰখনিত। অক্লান্ত ভাৱনাবোৰে নজনাকৈয়ে প্ৰিয়জনৰ ওচৰ চপাই লৈ যায় । অনুভৱবোৰতো হয় কেৱল মাথো মনে বিচৰাজনৰেই উপস্থিতি। সপোনবোৰো উৰি ফুৰি বিচাৰে দুপাখি মেলি আৰু হাবিয়াস জন্মে এবাৰ আকাশ চুই চোৱাৰ । লাহে লাহে প্ৰিয়জনৰ ভাৱনাবোৰ যেন হৈ পৰে সেউজীয়া আশা । তেতিয়াই যেন গজালি মেলিবলৈ লয় প্ৰেমে আৰু এটি কলি দুটি পাত হৈ সময়ৰ হাতত সেই প্ৰেমৰ সেউজীয়া বিৰিখৰ ছাঁত ৰ'ব খোজে কেৱল প্ৰিয়জনৰে অপেক্ষাত । কিন্তু এই অপ্ৰকাশ্য ভাৱনাৰ জানো কি মূল্য, বুজিব নে বাৰু এই অনুভৱবোৰক । হৃদয়ে বিচৰাজনৰ ওচৰত অনুভৱবোৰে গুৰুত্ব নাপালে যে মনে সহিব নোৱাৰা বিষত চটফটাই উঠে। অসহনীয় এই বিষাদ, নোপোৱাৰ বেদনাই যেতিয়া খুলি খুলি খায় জীৱনটোৱে যেন অসাৰ হৈ পৰে । জীৱন জীয়াই থকাৰ হেপাঁহো ক্ষীণ হৈ পৰে । সপোনবোৰ যেন জ্বলি পুৰি ছাৰখাৰ হৈ মিলি যায় ছাঁইৰ লগত। ফাগুনৰ ধূসৰিত আকাশৰ সতে আশাবোৰ যেন হেৰাই যাবলৈ ধৰে ক্ৰমাৎ …!
ঠিকনাঃ বঙাইগাওঁ








