ভ্ৰমণ কাহিনী (ৰঞ্জনা নাথ)

ডাকৰ বচনত এনেই কোৱা নাছিল বোলে নানা ঠাই ফুৰে যি, নানা কথা শিকে সি ৷ আজি মই আপোনালোকৰ আগত ক'ব বিচাৰিছো ভোকৰ অনুভৱে ভালকৈ এশিকনি দিয়া এদিনিয়া এটি ভ্ৰমণ কাহিনীৰ কথা ।
জুলাই মাহৰ এটি দেওবাৰ । গৰম বন্ধৰ মাহ । কণমানি দুজনীক লৈ ভনীহঁতৰ পৰিয়ালটি আহিছিল মৰিগাৱঁৰ পৰা আমাৰ ঘৰলৈ মানে বঙাইগাওঁলৈ । ওচৰে পাজৰে দুদিন ফুৰা চকা কৰি হঠাতে আগদিনা মানে শনিবাৰে ঘৰৰ দুয়োজন পুৰুষ সদস্যৰ (মানে মোৰ ল'ৰা আৰু ভনী জোঁৱাই ) আলোচনা মৰ্মে দেওবাৰে পুৱাই তুৰালৈ যোৱাৰ সিদ্ধান্তত চিল মোহৰ পৰিল । মনে মনে ভালেই পালো কাৰণ ফুৰি সাংঘাতিক ভাল পাওঁ । মোৰ মতে দূৰলৈ যোৱা টোহে যে ভ্ৰমণ সেইয়া নহয় আমাৰ আশে পাশেই এনে বহুত সুন্দৰ ঠাই আছে যিবোৰৰ বিষয়ে আমি এতিয়াও অজ্ঞ বা কিছুমান প্ৰচাৰৰ অভাৱত লুকাই আছে । মোৰ দৃষ্টিত এইবোৰো ভ্ৰমনৰ শাৰীতে পৰে মাথো উপলব্ধিৰ বাবে অনুভৱৰ প্ৰয়োজন ।
বাৰু এতিয়া মোৰ তুৰা ভ্ৰমনৰ বিৱৰণিলৈ আহো । ভবা মতেই কাম পোৱা সোনকালে সাজু হৈ সাত বজাত ব্যক্তিগত বাহনেৰেই যাত্ৰা আৰম্ভ কৰিলো আমি ৷ বঙাইগাওঁৰ পৰা তুৰালৈ ১৬৪ কিলোমিটাৰ । কণমানি দুজনীৰ সহিতে পুৱা খৰখেদাকৈ ওলোৱাৰ খদমদমত পেট পূজা কৰা নহ'লেই ঘৰত সেয়ে কিছু দূৰ যোৱাৰ পাছত বাটৰ কাষৰ ধাবাতেই পুৱাৰ আহাৰ গ্ৰহণ কৰি টনকিয়াল হৈ পুনৰ যাত্ৰা আৰম্ভ হ'ল আমাৰ । কোৱা হয় সৰু ল'ৰা- ছোৱালীয়ে দুখটো সুখৰ পোহৰ বিলাই । তাতে আকৌ যাত্ৰা দুখৰ স্থান নাই লগতে হাঁহিৰ খোৰাক যোগোৱা কাষত দুজনী কণমানি । সিহঁতৰ কথাৰ থুনপাকত গাড়ীত বজাই যোৱা সুন্দৰ কণ্ঠও তল পৰিছিল । এনেকৈয়ে হাঁহি ধেমালিৰ মাজেৰে প্ৰায় পাঁচ ঘণ্টা মানৰ পাছত দুপৰীয়া এক মান বজাত তুৰাৰ অকোৱা পকোৱা ভূমিত পদাপন আমাৰ । তেতিয়ালৈ পেটৰ কেঁচু কুমটিয়েও লাহেকৈ ভোকৰ টোকৰ মাৰিছিল বিশেষকৈ কণমানি দুজনীৰ । সেয়ে প্ৰথমে পেটক শান্ত কৰাৰ মানসেৰে হোটেল বিচৰাত লাগিলো আমি । তুৰা চহৰখনৰ অলিয়ে গলিয়ে গাড়ীৰ চকা ঘূৰিল খাদ্যৰ সন্ধানত ।

পাছে এয়া কি দোকান বজাৰ সকলো বন্ধ । আচৰিত হ'লো আমিবোৰ । কি কথা আজি কিবা বন্ধ আছিল নেকি গুণাগঠা কৰিলো । পাছত যেনিবা স্থানীয় লোকৰ পৰা গম পালো যে দেওবাৰে সমগ্র তুৰা চহৰ বন্ধ থাকে । কৃষ্ণ এতিয়াহে খা বাপেকে ভীম কলটো । শেষত মৰনত শৰণ দি ল'ৰা আৰু জোঁৱাইয়ে গোগল দেৱতাৰ শৰণাপন্ন হ'ল । গোগলে আঙুলিয়াই দিয়া কেইবাখনো হোটেল ৰেষ্টুৰাণ্ট আমি আগতেই বন্ধ পাই আহিছিলো    সকলোৰে মুখবোৰ শুকাই আহিছিল তথাপিও আশা এৰি দিয়া নাছিল । শেষত যেনিবা গোগলৰ সংকেত মতেই গাড়ীৰ চকা ঘূৰি বিধতাৰ কৃপা দৃষ্টিত সেইদিনা আমাৰ কেউটাৰে পেটত অন্ন মুঠি জুতি পুটি লগাই ভালকৈয়ে পৰিল ।

শৰীৰত ইন্ধন পৰিল যেতিয়া এতিয়া আৰু চিন্তা নাই । অন্নৰ সন্ধানেটো তুৰা চহৰখন ভালকৈয়ে ঘূৰালে । এইবাৰ কি ক'ত আছে তাকে চাওঁ বুলি মনস্ত কৰিলো । পেল্গা ফলচ আৰু বেম্ব ব্ৰিজ মানে বাহৰ দলংঙৰ কথা শুনিছিলো তাকে চাওঁ বুলি ওলালো । কিন্ত ওচৰৰ পৰা চোৱা নহ'ল কাৰণ বাটটো তেনেই সৰু তাতে ৰঙামাটিৰ ৰাস্তাটো বৰষুণ পৰি অধিক পিচল হৈ আছিল আৰু সেইটো বাটেৰেই কিছু আগলৈ দলংখন আছিল ৰাস্তাৰ সু- ব্যৱস্থা নথকাৰ বাবে সেয়ে আমিবোৰে দূৰৰ পৰাই ডিঙি মেলি মেলি চাই ছয়জন সদস্যৰ ঠাইত বাৰ জন সদস্য থকাৰ দৰে চিঞৰ বাখৰেৰে হাঁহিৰ ৰগৰ তুলি উভটনি যাত্ৰা আৰম্ভ কৰিলো । তেতিয়ালৈ সময়ো ভালেমান হৈছিল । সেয়ে পুনৰ ঘৰমুৱা যাত্ৰা ।

অতি সুন্দৰ বাটপথ । কাষে কাষে বিৰাজমান অপৰূপ সৌভাগ্য ৰাজিয়ে গাড়ী ৰখাই একপি ফটো কেমেৰাত বন্দী কৰি নোলোৱাকৈ আহিবলৈ নিদিয়ে । বাটৰ কাষে কাষে প্ৰাকৃতিক দৃশ্য ৰাজি উপভোগৰ বাবে ওখ ওখ টঙি ঘৰৰো ব্যৱস্থা আছে ।

এনেকৈয়ে হাঁহি ধেমালিৰ মাজেৰেই ক্ষুধাক কাষৰ পৰা ভালকৈ অনুভৱেৰে এটি শিক্ষা লৈ ৰাতি প্ৰায় ন মান বজাত ঘৰ পালোহি ।

অ'  সকলোতকৈ প্ৰয়োজনী কথাটো ক'বলৈ ৰৈ য়ে গৈছিল । তুৰালৈ বুলি যদি কোনোবা যাব বিচাৰে যাব পাৰে সুন্দৰ ঠাই । তাত কোনো প্ৰশ্নই নাই পাছে দয়াকৰি দেওবাৰে কেতিয়াও নাযাব কাৰণ দেওবাৰে স্থানীয় বন্ধৰ দিন তেওঁলোকৰ । অত্যন্তই যদি সময় মিলাব নোৱাৰি দেওবাৰে যাব খোজে গায়ে প্ৰতি একোটাকৈ টিফিনো লগত নিবলৈ নাপাহৰিব । আমাৰ দৰে আৰু যাতে কোনো ভুক্তভোগি নহওক সেইবুলি হে কথাষাৰ উনুকিয়ালো ।

অহ আৰু আমি সিদিনা ভাগ্য ক্ৰমে পোৱা হোটেল খনৰ নাম আছিল পল অৰ্কিড । মোৰ দৰে ফুৰি ভাল পোৱা সকলৰ সুবিধাৰ অৰ্থে নামটো কাণচোৱাই থলো ।