ঐশ্বৰ্য্য বিভূতিৰে
হীৰাৰ দৰে উজলি থকা
চমকৰ
বিপৰীতে
শূন্যতাৰ এটি কীটে
দয়া মমতা হীন ভাৱে
আজুৰি থকা এখন জঠৰ হৃদয়ৰ
বিলৈ ৷
দহৰ দৃষ্টিগোচৰ নোহোৱা
বহুজনে মানি ল'ব নোখোজা
এয়াই যে
চিৰন্তন সত্য ।
চাৰিবেৰৰ মাজতেই হওঁক
অথবা জন সমূদ্ৰৰ মাজতেই
থাকক
প্ৰতিজনৰেই অন্তৰৰ কোনোবাখিনিৰ
নিগাজি বাসিন্দা এই শূন্যতা ।
ঠিকনাঃ
চিৰাং