পাৰ্থক্য (ত্ৰিদীপ শৰ্মা)


তোৰ প্ৰিয় হৈ পৰা
কবৰ স্থানখনৰ নিসংগ পলাশ ডাল
এতিয়া বৰ ৰঙাকৈ ফুলিছে...

এদিন মোৰ চিতাখনো ৰঙাহৈ জ্বলিব
তোৰ অবিহনে হুমুনিয়াহত.. !

ডুবিব ধৰা আধৰুৱা বেলিত,
নতুবা বুকুৰ সোঁ মাজৰ পৰা
তোৰ দুই ওঁঠৰ সেই অন্তিমটো খহনীয়ালৈ,
মোৰ বাবেটো সকলো ৰঙা একেই আছিল
.
সমজুৱা অতিক্ৰমী এই বাটটো
ধৰ্মত বিভেদ হৈছিল বাবেই
মই মোৰ চিতাৰ জুইকুৰা
তোৰ কবৰ স্থানৰ পলাশ ডালৰ দৰে
ৰঙা কৰিব নোৱাৰিম কাহানিও ৷

দূৰভাষঃ ৮৮৭৬২৭১৫৭১