কিদৰে বুজাম তোমাক (ৰুহি আহমেদ)


ঘনাই চকু পৰে
ম'বাইলৰ স্ক্ৰীণত
আৰু হঠাতে
স্ক্ৰীণত ভাহি উঠে
তোমাৰ মোৰ ছবিখন
আৰু এটি সুৰীয়া গীত ৷

মন আকাশত থৌকিবাথৌ অৱস্থা
ফোনটো ৰিছিভ কৰিলেই
আমাৰ মাজৰ দূৰত্ববোৰ
শেষ হৈ যায়,
আৰু তুমি যেন মৰমেৰে
মোৰ চকুলৈ চাই কোৱা
'জানমাইনু, কি কৰিছা ?'
লাজতে অকলে মিচিকিয়াও
মৰমৰ চেনাইধন
তোমাৰ বাতৰি পাবলৈ
তোমাৰ মাতষাৰ শুনিবলৈ
আছিলো যে মই কতপৰ ৰৈ

অভিমানী নহ’বা দেই সোণমইনা
নাজানো মই ক’ব
সুমধুৰ সুৰীয়া কথা,
বুজিতো পোৱাই তুমি
মোৰ মৌন ওঁঠৰ ভাষা,
মিচিকিয়া হাঁহিৰ আঁৰৰ
মৰমবোৰৰ কথা,
চকুৰ কাজলত লুকাই ৰখা
ভালপোৱাৰ কথা……

কিদৰেনো বুজাম তোমাক চেনাইধন
মোৰ হৃদয়ৰ
তুমি যে একজ্বলন্ত শিখা ৷

ঠিকনাঃ অভয়াপুৰী