অৰুণিমালৈ (ভৃগু কুমাৰ হাজৰিকা


মৰমৰ...
তুমি মোৰ বিষয়ে সকলোবোৰ কথাই জানা আৰু চোৱা.. তাৰ মাজতেই তোমাক মই ভালপাওঁ ৷ কিয়নো... মই জানো মোৰ এটা সুন্দৰ জীৱন আছে তাৰ বাবে অহৰহ ব্যস্ত থাকো মই আৰু প্ৰত্যেক মানুহৰে থাকে এটা সুন্দৰ জীৱন ৷ অশেষ সাধনাৰে ধৈৰ্য আৰু সহনশীলতাৰে প্ৰত্যেক মানুহে জয় কৰে জীৱন ৷ কিন্তু তাৰ বাবে লাগে অসীম প্ৰেৰণা প্ৰেৰণা অবিহনে যে সকলোবোৰ চেষ্টাই নিষ্ফল ৷ সেয়েহে মানুহে মানুহৰ মৰম বিচাৰে ৷ ভালপোৱা বিচাৰে এটা সুন্দৰ জীৱন গঢ়াৰ সাধনা জীৱনটোক জীৱন কৰি তোলাৰ প্ৰয়াস তুমি বাৰু মোক দিবানে অৰুণিমা ?

ইতি
তোমাৰ 'জান'

ঠিকনাঃ তিনিচুকীয়া