জীৱ শ্ৰেষ্ঠ মানুহ নহয় জানো ? (নৱজ্যোতি কলিতা)


জীৱ শ্ৰেষ্ঠ সকলোৱে কয়,
হয় বুলি ।
কিন্তু ?
নহয় যেন লাগে
জীৱ শ্ৰেষ্ঠ
মানুহৰ স্বভাৱ চৰিত্ৰ চালে খুলি ৷
নাপায় চিনি কোনেও,
জীৱ- জন্তু, চৰাই চিৰিকটি
ধ্বংস কৰিছে আজি,
মানুহে মানুহ কাটি- মাৰি ৷
টকাৰ এই যুগত,
সকলোতে টকাৰ প্ৰগতি,
ধনী সকলেই আজি ধনেৰে লৈছে
সকলো কিনি ।
শ্ৰেষ্ঠত্ব নহয় এই কামত
সকলোৱে লৈছে মাথো নামত ৷

ঠিকনাঃ গোলাঘাট ।