যতি বিৰাম চিনেৰে শেষ কৰিব পৰা নাই চিঠি,
নিজনে গৰকা
ৰাতি লানি পতা পৰুৱাৰ দৰে
অন্তহীন ভাবৰ গতি ৷
দফাই দফাই প্ৰেম ভালপোৱাৰ
পলস,
সেউজ হৈ আহিছে বাক্যশাৰী,
বতাহত উৰা চাদৰৰ দৰে
উচ্ছৃংখল হৈ আৱেগৰ
সুঁতি,
আঁতৰি গৈও বাৰে প্ৰতি মনলৈ আহিছে
টান নৰিয়াত ছাটিফুটি কৈ থকা
অতীতৰ
ইমানবোৰ স্মৃতি ৷