নীলা খামৰ চিঠি (অৰ্চনা জি. শইকীয়া)


প্ৰিয় ৰাগ,
আশা কৰো তোৰ ভালেই । মোৰতো জানই, দিন প্ৰতিদিন মই কিদৰে জ্বলি জ্বলি শেষ হৈ আছো ৷ তথাপি বহু আশাৰে, বহু কষ্টৰে জীয়াই আছো অ' মই ৷
তই জাননে, আমাৰ শৈশৱৰ একমাত্ৰ সাক্ষী লুইতখন আজি বহু সলনি হ'ল । অৱশ্যে বহুদিন দেখাই নাই । যান্ত্ৰিকতাবোৰ এৰি থৈ দেখোন আকৌ এবাৰ তালৈ উভতিবলৈ সময়েই নহয় । যাহওঁক, মইতো ভাবিছিলো তই ডাঙৰ মানুহ হোৱাৰ পিছত তোৰ ল'ৰালিৰ কণমানি সপোনবোৰক গতি লগাবি । কিন্তু মোৰ ভাৱনাক দুভৰিৰে মোহাৰি তই হাত মিলালি লুইতৰ লগত আৰু লুইতৰ দৰেই এৰা সুঁতি এৰাদি এৰি গুছি গ'লি আমাৰ ল'ৰালিৰ বহু কেইটা অধ্যায় । কিন্তু সেইবোৰ বাদ দি জানো সম্পূৰ্ণ হৈ উঠিব তোৰ নিৰ্মীয়মাণ বায় পিক খন ?
ৰাগ, তই বাৰু আজিকালি সপোন দেখনে ? নে সঁচায়ে দেৱদাস হৈ গ'লি তোৰ পাৰমিতাৰ বিৰহত ! নষ্টালজিক হ'বনে কেতিয়াবা.. মনত পৰেনে গাৱঁৰ বুকুত এৰি অহা প্ৰতিটো আবেলি- গধূলি- ধেমালি ? হয়তো পাহৰি পেলালি ৷ তোৰ হৃদয় বাগিচাত কোবাই যোৱা চহৰীয়া ফাগুনবোৰ চাগে অপৰূপা নহয়নে ! যিয়ে বুজিবই নোৱাৰে আমাৰ দৰে মানুহৰ কোমল অনুভূতিবোৰ.. আমাৰ বিশ্বাসবোৰ চাগে সিহঁতে সিহঁতৰ 'promise' বোৰ বুলিয়েই ভাবে । তইয়ো হয়তো ভাব.. ব্যস্ত হৈ পৰ মাতাল হ'বলৈ সেই ফাগুনীৰ লগত.. হয়তো কুৰুকি কুৰুকি তোৰ বুকুৰ গভীৰতালৈ শিপাই গৈ হঠাৎ উভতি অহা ফাগুনবোৰক বিচাৰি আজিও হাঁহাকাৰ কৰ তই । কিন্তু তই জাননে ৰাগ, তোৰ বুকুৰ সেই ঘাঁ ডোখৰ দেখি ৰাগিয়াল উকি মাৰিব পাৰে কোনোবাই.. তোক চিকাৰ কৰি মাৰিব পাৰে কোনোবাই সফলতাৰ কুটিল হাঁহি ৷ নাজানো তই এতিয়া ক'ত কেনেকৈ আছ । তোৰ বাবে বসন্তবোৰ সাঁচিব খুজিও নোৱাৰোঁ ৰাখিব.. তোৰ পাৰমিতাৰ দাবীত তোক পাহৰিবলৈ অশেষ চেষ্টা কৰিছো... কিন্তু পৰা নাই ৷ কাৰণ তোক পাহৰিবলৈ মই মোৰ অতীতটোক পাহৰিব লাগিব ৷ পাহৰিব লাগিব মই মোৰ শৈশৱটোক.. যিটো মই নোৱাৰো ৷ ইয়াক বাদ দিলেই অসম্পূৰ্ণ হৈ ৰ'ম মই ৷
এই, তই বেয়া পাই আছ মোক ? আচলতে আৱেগবোৰ উথলি উঠে চিঠি লিখিলে । সেয়ে ইমানবোৰ লিখি পেলালো ৷ তোৰ লগত যোগাযোগ নাৰাখিবলৈ চেষ্টা কৰিও হৃদয়ৰ তাগিদাত লিখি পালো ৷ বেয়া নাপাবি ৷
বাৰু আজিলৈ সামৰো দে.. কাহানিবা লগ হ'ম এই জীৱন পথত, তাৰ আশাৰে..

ইতিত
তোৰ AG

ঠিকনাঃ দেৰগাওঁ, গোলাঘাট