ৰঙাবোৰ ৰঙা হৈয়ে থাকিবলৈ দিয়া
মোৰো চোন ভাল লাগে এতিয়া
তোমাৰ ৰঙাত ৰঙীন হৈ
এনেকৈয়ে থাকক ৰঙাবোৰ
মোৰ জীৱনত,
কৃষ্ণচূড়া সম ৰঙা হৈ
সেই ৰঙাৰে এদিন সেন্দূৰীয়া বাট এটি সাজিম
মোৰ শিৰৰ সেওঁতাৰ মাজত ৷
ভাল লাগে তোমাৰ
অভিমান সনা সেই কথাবোৰ,
কিয় জানা !
কাৰণ, সেই অভিমানবোৰেই যে
মুকলাই দিয়ে তোমাৰ ভালপোৱাৰ সংগোপন ভাঁজৰে আৱৰা
আলফুল মৰমবোৰ ৷
বৰষুণজাক যেতিয়া সুৰৰ টোপাল হৈ নামে
ম'ৰা জাকৰ উন্মাদ নৃত্যত
চঞ্চলা হয় মন
এনে লাগে যেন তোমাৰ স'তে দুহাত মেলি
চুমিম এটি এটি বৰষুণৰ টোপাল
আৰু গাই যাম সেউজী জীৱনৰ গান ৷
এতিয়া, তুমিয়েইতো দিঠক
তুমিয়েই মোৰ সপোন
দচকুৰ পতা জপাইও
সাৰে ৰওঁ যেতিয়া
তোমাৰ ছবিখনি বৰকৈ আমনি কৰে জানা !
সেই যে গভীৰ নিশাৰ কথাবোৰ
শেষ হ'বলৈ নিদিবাচোন
শুনি থাকিলেও যে ওৰকে নপৰে,
তোমাৰ প্ৰতিটো কথাই যে
মোৰ হৃদয়লৈ বোৱায় এখনি সুখৰ সাগৰ,
থাকক এনেকৈয়ে তোমাৰ
অনুভৱৰ প্ৰতিটো ৰঙ
সাতৰঙী ৰামধেনু হৈ আৰু
ছটিওয়াই দিয়ক
মোৰ জীৱনৰ আকাশখনিত
ৰঙৰ সঁফুৰা ।








