তোমাক বিচাৰি (লক্ষী প্ৰসাদ ৰেগন)


তোমাক বিচাৰি হ'লো পৰাজিত
তুমি মাথোঁ চাই থাকা
নিলগৰ পৰা,
নিতে উৰি আহি
তোমাৰ সান্নিধ্যত
ক'ম,- বিশ্বৰ অপূৰ্ব বতৰা ৷

তোমাক বিচাৰি হ'লো,
পান্থ ভিক্ষাৰী
পাউনিও হেৰুৱালো
প্ৰতিখোজ বাটৰ ধূলিত,
আছে যদি তোমাৰ
মোৰ প্ৰতি, ক্ষুদ্ৰ সহানুভূতি
ঘূৰাই দিয়া মোৰ পাউনিৰে
চন্দ্ৰমুখী তোমাৰ এটুপি হাঁহি ৷

ঠিকনাঃ মাজুলী