(এক)
পদুমত শৰণ লৈ ভাৰতীয় হ'ল অসমৰ হাতী
গজেন্দ্ৰ গমন বদনাম এৰি চুপাৰ চনিক গতি ৷
সোণৰ অসম কাঙাল হ'ল
জাতীয়তাবাদ তেহেলৈ গ'ল,
কূপমণ্ডুক নহয় এতিয়া সলাই পেলালে মতি ৷
(দুই)
ধুতি, চেলেং ,গামোচা অতীত হ'ল আহিল দীনদয়াল
অসমত হেনো গুণী জ্ঞানী নাই ৰাজনীতি হৈছে উত্তাল ।
ল'ৰা ৰজা হিমন্ত
জাতীয় নায়ক ঘূমন্ত,
ৰাইজে আজি পাইছে চিনি কোন অতি মহাকাল ।
ঠিকনাঃ নগাওঁ








