প্ৰতাৰণা (প্ৰগতি গগৈ)


দুখৰ জাৰণিখনত নোসোমাওঁ বুলিলেও
সোমাই পৰো বাৰে বাৰে
তুমি দিয়া উপহাৰবোৰে
উপহাস কৰে মোক
সান্ত্বনাৰ ভাষা বিচাৰি নাপাওঁ
স্মৃতিবোৰে বুকুত জাপি দিয়ে
বব নোৱাৰা বোজা ৷
প্ৰতাৰিত প্ৰেমিকা মই
সদায়ে গাথোঁ আশাৰ মালা
ছিগি পৰে আন্ধাৰৰ স'তে !
বিছনাখনৰ চুকটো আপোন হৈ পৰে
শিতানৰ গাৰু লগৰী হয়
মোৰ নৈশব্দিক চকুপানীৰ ৷

ঠিকনাঃ তিনিচুকীয়া
স্থায়ী ঠিকনাঃ শিৱসাগৰ