মোৰ আই (ডিম্পী শৰ্মা)


জীয়াই থকাৰ হেঁপাহ আৰু
সোণালী ধানৰ ঘামেৰে
তুমিয়েই মোৰ আই,
কিয়নো তোমাৰ খলা ব'মাত হালধীয়া সানি
ব'হাগ নামে বিহু আহে
বিহুৱতীয়ে সপোনত তৰা বুটলে ৷
আনন্দ উলাহেৰে ডেকা-গাভৰুৰ
সুধাময় জীৱন বৰ্ষাই হিম ভাঙে
শিৰাই শিৰাই ।
অশ্ৰু সিক্ত হেঁপাহৰ সোঁত বয়
লুইতৰ পাৰে পাৰে
সোনগুটিয়ে উশাহ লয়,
মই এতিয়া
ঠুনুক ঠানাক ডেকা জলকুঁৱৰীৰ প্ৰেমত
ৰূপালী মাছ ৷
পানীৰ মাজত চকুপানীৰে পিয়াহ গুচাওঁ
পদুম পাতত
দুৰ্গতি নাশিনী দুৰ্গালৈ চিঠি লিখো
এদিন তুলসী তলত,
কাতি বিহুৰ জোনাক নমাওঁ
সেউজীয়া দুখবোৰ
ধোঁৱা হৈ উৰুৱাও
দুখৰ দিনত ৰমজান মাহ
মোৰ সাহমুগা ৰিহা আইৰ গাত ।
মাঘৰ বিহু অলপ বাট
সপোন ভাঙি জোনাকীয়ে
প্ৰেমৰ জাহ্নৱী নিয়ৰত বোঁৱাই ৷
গীৰ্জাত পিতায়ে
অমৃতৰ বাট দেখুৱাই
মাঘত আইয়ে
আধাখিলা বুৰঞ্জী পঢুওৱাই
মিচৰৰ পেৰামিড আৰু,
আহোম ৰজাৰ মৈদাম দেখুৱাই
মেজিৰ জুইত জিলিকে
তেজৰঙী ঘাম ৷
অকণমান ভাগৰ জিৰাওঁ
হেজাৰ আলোকবৰ্ষৰ বাট
চকুত ওপচাও ৷
ফাকু চটিয়াই বতাহীৰ স'তে গাঁও
মৰিশালীৰ গান,
মৰুভূমিৰ বালি ছটিওয়াই
স্নেপ ড্ৰেগনৰ ডিঙি মোহাৰো আই,
তোমাক পুনৰ আদৰো
কিয়নো, তুমিয়েই মোৰ আই
হেজাৰ আশাৰ সূৰুষ
তোমাতেই আছে লুকাই ৷