আত্ম- কথা (অৰূপ কুমাৰ বৈশ্য)


(ক)
মোৰ এনে লাগিছে যেন
আজি সকলো শেষ কৰি দিম,
আজিয়েই যেন এখন
নতুন পৃথিৱী সাজিম,
পৃথিৱীখন ঘূৰাই দি
জোনটো আমাৰ ফালে ৰাখিম ।

(খ)
পাৰিবা জানো তুমি
এই চহৰৰ যান্ত্রিকতাক
গাভৰু কৰি তুলিবলৈ (?)
এটি প্রাচীন সভ্যতাক
আপোন কৰি ল'বলৈ (?)
তেন্তে এই বিদ্রোহ কিয় !
নিষ্পাপ শিশু এটিৰ মুখত
মৰা জোন এটি গুজি দি
আজি ৰজাঘৰীয়া ৰাইজমেল
কিহৰ বাবে ?

(গ)
আপুনি শেৱালি ফুল ভাল পায়,
তল সৰা শেৱালিৰ গোন্ধই আপোনাৰ
হৃদয় জুৰাই ।
কিন্তু শেৱালি বুটলিব যাওঁতে
কিমান শেৱালিৰ সপোন ভাগে
আপুনি জানো খবৰ ৰাখে !
তেন্তে আপোনাৰ এই ভাল পোৱা
কিহৰ বাবে...
কামনা নে বাসনা ?
নে আপোনাৰ ই এক দৈহিক প্রতাৰণা ?