ফুটপাথ (গোবিন্দ দাস)


ফুটপাথ...
এটা বৃতিষ্ণাৰ শব্দই আপোনাৰ,
মোৰ বাবে লৈ নাহে
এছাতি ৰূপালী জোনাক,
কিন্তু
এই ফুটপাথে আনি দিয়ে
কোনোবা ভোকাতুৰক
এমুঠি অন্ন,
কোনো গৃহহীনক সাজি দিয়ে
ছাল- বেৰহীন এখনি হেঁপাহৰৰ ঘৰ,
নীৰৱ নিশাবোৰত আশাৰ সপোন ৰঁচে
কোনো গৃহহীন গৃহিনীয়ে,
অতিতক ৰোমন্থন কৰে
তথাকথিত ভদ্ৰ সমাজৰ
কোনো অসহায় বৃদ্ধাই,
কংক্ৰিতৰ পৃথিৱীৰ
বিলাসী বাহনৰ যান্ত্ৰিক শব্দবোৰ
কোনো গো- ৰখীয়াৰ বাঁহীৰ মায়াৱী সুৰ হৈ ইয়াতে
প্ৰতিধ্বনিত হৈ ৰয় ৷

এই ফুটপাথৰ বুকুৰেই
কোনোবা আহিছে কোনোবা গৈছে
কিন্তু
কিমানে স্পৰ্শ কৰিছে
তাৰ উন্মুক্ত বুকু
সেই খবৰ ৰাখিবলৈ তাৰ আহৰি নাই
কাৰণ, সি যে
ব্যস্ত মহানগৰীৰ কুটিল বান্ধোনত
অভ্যস্ত এটুকুৰা ঠাই,
কেতিয়াবা,
ব্যস্ত মহানগৰীৰ সম্ভ্ৰান্ত পৰিয়ালৰ আউটডেটেদ্ সামগ্ৰীবোৰ
পৰি ৰয়
এই ফুটপাথৰ বুকুতেই,
সভ্য সমাজৰ কলংকৰ চেকা মছি
এৰি থৈ যায়দামী তাঁৱেলেৰে মেৰিওঁৱা নৱজাতক,
ডাষ্টবিনৰ গেলা-পঁচাবোৰেও
মুক্তমনে বহি আড্ডা পাটে
ব্যস্ত মহানগৰীৰ অভ্যস্ত ফুটপাথৰ বুকুতেই ৷

ঠিকনাঃ গুৱাহাটী
দূৰভাষঃ ৮১৩৪৮৪৪৯৮২