বলিয়া হৃদয় (মমী কলিতা)


এজন ধুনীয়া ডেকাল'ৰাক মই ভাল পাওঁ,
যাক মই হিয়াৰ মিঠা কোণত ৰাখিছো ৷
সি মোৰ দিঠকৰ লগৰী নহয়
মোৰ ভাৱনাৰ হে লগৰী ৷
তাৰ বাবেই হৈ পৰিছো মই আধা পাগলী,
মন যায় তাক মোৰ সপোনৰ দিঠকৰ লগৰী কৰিবলৈ
নাজানো সি বাৰু মোক ভাল পাইছিল নে ?
অভিনয় কৰিছিল ?
মই কিন্তু তোমাক সঁচাকৈ ভাল পাইছিলো ৷
তোমাৰ বাবে গোলাপৰ কলি মেলিছিল মোৰ হিয়াত,
এবাৰ শুনিব মন যায় তোমাৰ এষাৰ মাত ৷
দিব মন যায় মৰম হিয়া উপচাই,
আনে দিব বিচাৰে মৰম
মই হে আঁকোৱালি ল'ব পৰা নাই ৷
কাৰণ মই বিচাৰো তোমাৰ এধানি মৰম,
মোৰ ৰিক্ত হৃদয়খনে তোমাৰ পৰশ বিচাৰে ।
তুমি দিয়া সেই অকনমান মৰমৰ বাবে আজি,
মই হৈ পৰিছো ট্ৰেজেডি ফলা কবি ৷
আজিলৈকে তোমাৰ পৰা একো বিচৰা নাই,
আজি বিচাৰিছো মই আচল মৰম ভিক্ষাৰী হৈ ৷
তোমাৰ অবিহনে প্ৰেমে ভঙা বুকুখন জ্বলি থাকে
উমি উমি,
চিঞৰি চিঞৰি কান্দি থাকে অভিমানী মনটোৱে.... ৷
বুকুখনেও কেৱল তোমাক হে দিব বিচাৰে
সাঁচি ৰখা মিঠা মৰমবোৰ
আজি তোমাৰ বাবেই মই,
আউসী নিশাৰ প্ৰেমত পৰিলো ৷
চাবলৈ এৰিলো,
জোনাকী পৰুৱাৰ ঢিমিক-ঢামাক পোহৰ আৰু
তৰালি ভৰা নিশা ৷
আজি কালি মোৰ বাৰুকৈয়ে মন যায় জানা,
তোমাক দুবাহুৰ মাজত সাবটি ল'বলৈ ৷
তোমাৰ দুচকোত মৰম সানিবলৈ,
মন যায় পূৰ্ণিমাৰ নিশা নীল আকাশৰ তলত বহি
তোমাক মিঠা মৰম যাঁচিবলৈ ৷
এতিয়া কোৱা কিয় তুমি মোক ভাল নোপোৱা ?
কিয় গুচি গৈছা ইমানবোৰ মৰম চিঙি আজুৰি ?
মৰম চিঙি গ'লে শব্দ নহয়,
কষ্ট হয় জানা ৷
কষ্ট হয় বৰ ৷

ঠিকনাঃ টিহু
দূৰভাষঃ ৮৪০৪০৪৫৭‍০১