ৰাজপথৰ দাঁতিৰ
হৰডিংৰ বুকুত ওলমি আছে
এখন বিজ্ঞাপনৰ মেঘৰঞ্জনী...
তাইৰ সাগৰৰ ওফন্দা ঢৌৰ দৰে
বুকু খন ঢাকি ৰাখিব নোৱাৰে
সেউজীয়া বুৰে আৰু
প্ৰতি নিশা নামি আহে
হৰডিংৰ বুকুৰ পৰা নিশব্দে
বগুৱাই ফুৰে চহৰৰ ইমূৰৰ পৰা সিমূৰলৈ মাজনিশা
ডাষ্টবিনৰ মৃত শিশু বোৰৰ ফুচফুচনিত
তাইৰ সপোন হেৰাই খৰমৰাই
খেপিয়াই ফুৰে তাইৰ শৰীৰৰ কূল উপকূলত
কিজানিবা গঢ় লৈ উঠেই এক সভ্যতা ৷








