লাজুকী ওৰণি টানি
আহিবি চোন শৰতৰ এটি মিঠা লগনত...
তই আহিলে মোৰ পদূলিত শেৱালি ফুলিব !
শেৱালিৰ সুবাসত উন্মনা হ'ব অশান্ত মন ৷
সুবাস লৈয়ে আঁতৰি নাযাবি,
তই গুছি গ'লে
আহিনৰ জোনাকৰ চোতালত নিঃসঙ্গ হ'ব শাৰদীয় ৰাণী ৷
তোৰ লাহী আঙুলিৰ পৰশত গাভৰু হোৱা দুৱৰীবোৰ
কেঁচা নিয়ৰত তিতি তিতি উচুপি উঠিব ৷
সকলো নিনাদ সামৰি তোৰ প্ৰতীক্ষাত
অযুত সপোন বুকুত বান্ধি নীৰৱে ৰৈ আছো জোনাকৰ ছাঁত
আহিবি আপোন মনেৰে,
উন্মুক্ত কঁহুৱাৰ আঁৰে আঁৰে নাচি
একেলগে পাতিম শাৰদীয় উৎসৱ ৷
হিম শীতল কুঁৱলীৰ মৌনতাত
সেই ৰাতিতে আলফুলে জীপাল কৰিম দুঃসময় !








