নভবা নিচিন্তাকৈ খোজ দিছিলো তোমাৰ পৃথিৱীত
শূন্যতাৰ বিপৰীতে এখোজ।
সন্মুখত হাজাৰটা প্ৰত্যাহ্বান।
মই নানাৰঙী চিলা উৰুৱাইছিলো তোমাৰ হৃদয়ত,
লাহে লাহে তোমাৰ ভালপোৱাবোৰে থিতাপি লৈছিলহি ৷
তোমাৰ ভালপোৱাই অসহায় যেন লগা
মুহূৰ্তবোৰক সহজ কৰি তুলিছিল ৷
আজি সন্ধ্যা আহিবা,
অভিমানবোৰ নেওচি হৃদয়ৰ সৈ'তে
আলাপ কৰিম ৷
তুমি যে আহিছিলা ব'হাগ ব'হাগ লগা দিনত…
উৎকণ্ঠাৰ অন্ত পেলাই হৃদয়েৰে জুমি ভালপোৱাবোৰৰ উমান লৈছিলা ৷
অপেক্ষা তোমাৰ বাবে,
দূৰত্ববোৰ অতিক্ৰম কৰি ৰৈ আছো
তোমাৰ প্ৰতিশ্ৰুতিৰ উৰণিৰ তলত ৷
ঠিকনাঃ স্নাতক তৃতীয় ষান্মাষিক,
উত্তৰ লখিমপুৰ মহাবিদ্যালয়।








