কলিজাৰ বেদনা বোৰ
যেতিয়া উজাই আহি চকুলো হৈ বাগৰে
গৰম নিশাহে বিষাক্ত কৰে বতাহ
মই তেতিয়া ভাবো
কিদৰে ধন্যবাদ জনাম তোমাক ?
তুমি আছা বাবেই
নিজকে মনুষ্য অনুভৱ কৰো
তুমি আছা বাবেই মোৰ কলিজাৰ
কণমানি ফুল পাহিৰো জেউতি চৰে
বতাহত হালে- জালে
হাঁহে-খেলে
বাৰেৰহণীয়া পখিলা হৈ
কিদৰে ধন্যবাদ জনাম তোমাক ?
তুমি আছা বাবেই পোহৰত জিলিকো
আন্ধাৰৰ গাম্ভীৰ্য্যতা বুজো
নিশাৰ গভীৰতা জোখো
শিয়ালৰ হোৱা আৰু নিশাচৰ পখীৰ
পাখিৰ ধপ্ ধপনিত
দুপৰ নিশা বিষাদ বোৰ গণো
কিদৰে ধন্যবাদ জনাম তোমাক ?
তোমাৰ অবিহনে
মই যে এটা মৌন প্ৰস্তৰ মূৰ্তি মাথো !








