কঁহুৱাৰ বতৰ (গায়েত্ৰী শইকীয়া)


মই নিমন্ত্ৰণ দিলেও তুমি জানো আহিবা ?
মোৰ সুখত সুখী আৰু দুখত দুখী হ'বলৈ ৷
ময়ো আৱেগিক হৈ পৰো,
এজাৰ ফুলা সেই সময়টোলৈ
মোৰ মনৰ চোতালতো যেন,
কঁহুৱা হালিছে
আৰু কঁহুৱা ফুলিছে মই নজনাকৈয়ে
আৰু,
মই গুছি যাব পাৰো বহু দূৰলৈ
মৃত্যুহীন প্ৰেমৰ নীৰৱতালৈ ৷

ঠিকনাঃ বোকাখাত ৷