ফুটপাথৰ লোক (সঞ্জীৱ নাথ)


নগৰ- মহানগৰৰ ফুটপাথৰ লোক,
লক্ষ্যহীন জীৱন সিহঁতৰ ৷
হাতত কাঁহীলৈ বঢ়ি পৰে ৰাষ্টাৰ কাষত,
তেওঁলোক ফুটপাথৰ লোক ৷

দুৰ্বল হাতেৰে কাঁহীখন লৈ,
অাশাৰে চায় প্ৰতেকজন বাটৰুৱাক ৷
ব্যস্ত বাটৰুৱাই গচকি যায় তেওঁলোকৰ পাত্ৰ,
তেওঁলোক ফুটপাথৰ লোক ৷

ফুটপাথতে ৰাতি শুই পৰে সিহঁতি,
সপোন দেখে এমুঠি ভালকৈ খোৱাৰ ৷
সপোনহে মাথো দিঠক নহয়,
তেওঁলোক ফুটপাথৰ লোক ৷

প্ৰতেক দিনাৰ দৰে বঢ়ি পৰে ৰাষ্টাৰ কাষত,
কেতিয়াবা পাৰহৈ যায় নেতাৰ গাড়ী ৷
নেদেখে নেতাই ফুটপাথ,
তেওঁলোক ফুটপাথৰ লোক ৷