সুন্দৰৰ সন্ধানত এই অবিনাশী যাত্ৰা (দীপাংকৰ ৰায়)


'I want to be a freedom place,
Where has no struggle.'
এইহেন কাঁইটৰ পথাৰত এভৰিয়ে আগুৱাব নোৱাৰি
মাংস- ছালবোৰো থকা সৰকা কৰিছে
যিটো কাৰণত এচটা শিলৰ কথাই উকমুকনি মাৰিছে
যি সদায় তাতে ৰৈ থাকে নিথৰ হৈ
কাকোৱে একো নকয়
কেতিয়াও নুঠে প্ৰতিবাদী ঢৌ
অথচ এয়া চোৱা মাথো
মূৰৰ ওপৰতে পৰিছে
আৰু ফাট মেলিছে পূৱা- পশ্চিমাকৈ
সেই বুলি অকণো দুখ লগা নাই দেখোন
এয়াটো বতৰৰ কোলাহলে- অন্য একোৱে নহয়
মিছাতে তল ওপৰ কৰিছে
এই সাগৰখনে
যিটো কথা খহটা পৰিব ধৰা চামনিবোৰে ক'ব
যিহেতু ইমানদিনে পোহৰৰ বাট বিচাৰি চলাথ কৰিছে
যি পোহৰে আঁকোৱালি লোৱা নাই সহজে
বিপৰীতে জ্বলাইহে মাৰিব খুজিছে
হ'লেও নাশ কৰিব পৰা নাই এতিয়ালৈ
কিয়নো এয়া যে-
সুন্দৰৰ সন্ধানত এই অবিনাশী যাত্ৰা ৷