বিষাদ হৈ আঁৱৰিলা
বুকুৰ বাহিৰে ভিতৰে
এদিন মৰম হৈ থিতাপি লৈছিলা
হিয়াৰ নিভৃতত
উশাহ বুলি আঁকোৱালি লৈছিলো
জী উঠিছিলো
সময়ৰ বোকোচাত উঠি
গুছি গ'লা তুমিও
অতীতৰ স'তেই
আশাবোৰে খেপিয়াই ফুৰিছিল
সন্মুখেৰে পাৰ হৈ যোৱা
সময়ৰ বুকুত হাত বোলাই
কিজানিবা উভটি বৈছে
মৰমৰ নৈ খন
দুচকুৰ পতাত অপেক্ষাবোৰ
বৰফ হৈ গোট মাৰিছিল
আৰু
ক্ৰমশঃ
শিল হৈ পৰিছিল
এতিয়া
শিলৰ বুকুত আমাৰ প্ৰেমৰ
আধালেখা দস্তাবেজ !








