স্বাধীনতা (জয়ন্ত নিবিড় কলিতা)


পিঞ্জৰাত বন্দী চৰাই জনীৰ
দুচকুৰ ভাষা কোনে বুজিব
সেউজীয়া পৃথিৱীলৈ আজি
বাৰুকৈয়ে মনত পৰিছে ।
এৰি অহা প্ৰকৃতিৰ মাজলৈ
যাব খুজিও নোৱাৰে যাব
এটি পিঞ্জৰাই হেঁচি ধৰে
তাইৰ হেঁপাহবোৰক ।
যেন পাখি ভঙা পক্ষী
পৰাধীনতাৰ শিকলি চিগি
স্বাধীন আকাশত উৰিবলৈ
এতিয়াও দেখে সপোন ।
ঠিকনাঃ ৯৮৫৪২৭৩৮২৯