পুতৌৰ আদৰ মই নিবিচাৰো
দয়াৰ চকুলো মই সহ্য নকৰো ৷
নিজৰ ভৰিত থিয় হৈ মই
জগত জিনিব বিচাৰো ৷
ঠাট্টাৰ ভাষাক কটু মাতেৰে নহয়
এটি হাঁহিৰে প্ৰত্যুত্তৰ দি সিহঁতৰ
বুকু জ্বলাব বিচাৰো ৷
মনত জ্বলা জুইকৰা নুমোৱাবলৈ
কাৰোবাৰ পুতৌৰ সঁহাৰিৰ দৰকাৰ
বুলি মই নাভাবো ৷
বিকলাঙ্গ হোৱাটো জানো মোৰ পাপ ৷
নিজ ইচ্ছামতেটো মই তেনেকৈ
সৃষ্টি হৈ অহা নাই ৷
সৃষ্টিকৰ্তাই এনেকৈ চজিলে
মোক পৃথিৱীলৈ পথালে
সেয়ে মই আজি সমাজত
নাম পাওঁ দুৰ্ভগীয়া ৷
পৰিয়ালে আঁতৰালে মা- দেউতাক
কাৰণ মই জন্ম ল'লো বিকলাঙ্গ ৰূপে ৷
মা- দেউতাৰ মুখৰ হাঁহিত কিমান যন্ত্ৰণা
লুকাই আছে সেয়া মোৰ বাহিৰে
কোনেও অনুভৱ কৰিব নোৱাৰে ৷
তেওঁলোকৰ যন্ত্ৰণাতকৈ মই
ককবকাই থকা জীৱন বাটৰ
যন্ত্ৰণা যে বহুত বেছি সেয়া অতুলনীয় ৷
প্ৰতিটো খোজত উজুটি খাইছো যদিও
সেই যন্ত্ৰণাৰ পৰা মুকতি বিচাৰি হাবাথুৰি
ফুৰিছো ৷
চিঞৰি চিঞৰি ক'ব বিচাৰো বিকলাঙ্গ নহয়
মইয়ো আপোনালোকৰ দৰেই সহজ ৷
ঠিকনাঃ বাক্সা








