বানে উটুৱাই নিয়া ঘৰখন
আৰু ঘৰ হৈ থকা নাই… অ'
.
এইবেলি পোনাকণকো
কাঢ়ি নিলে মোৰ বুকুৰ পৰা…
পেটত গামোচা বান্ধি কোনো মতে
জীয়াই আছিলো…
কপালৰ জোনটো
নোহোৱা দিনৰে পৰা…
এতিয়া কেনেকৈ থাকো ?
জীয়াই থকাৰ
ভাৰসাকণো হেৰাল চোন
নৈৰ সিপাৰে…
গাভৰু সাঁজযোৰ
লেতেৰা কৰাৰ মানসো
নাই মোৰ…
চাৰিও পিনেই চোন অন্ধকাৰ
কণ্টকময় পথ…
আৰুতো আছেই
উৰুঙা বতাহজাক
পিচকে নেৰে মোৰ…।
গোলাপৰ বগা সাঁজযোৰ
কিমান আৰু মেৰিয়াম দেহত ?
ভাবিছো…
লুইতৰ বুকুত
নিজকে সপি দিওঁ… ৷
ঠিকনাঃ ধিং, ৱাৰ্ডনং ৪,
জিলাঃ নগাওঁ
ডাকঃ চমুৱা গাওঁ, ধিং
পিনঃ ৭৮২১২৩
ভ্ৰাম্য:-৮৩৯৯৮১








