উৰুখা পজা (লক্ষ্যজিৎ নাথ)


সৌ দূৰৈৰ পাহাৰটোৰ সিপাৰে.....
নীৰৱতা ভেদি ভাঁহি আহে,
এটি চিনাকী সুৰ.....৷

ফাগুনৰ ৰং লাগি,
মাতাল হৈ পৰে মাদলৰ শব্দবোৰ..
ৰুনুজুনু নূপুৰৰ শব্দত জীপাল হৈ পৰে...
সেউজীয়াৰ সপোনবোৰ ৷

পিছে, এই চিনাকি সুৰ ?

অতিক্ৰম কৰিছো,
কেৱল অতিক্ৰম.....

পাৰ ভঙা আৱেগেৰে বিচাৰিছো,
মোৰ জীৱনৰ চিনাকি সুৰ.....

আচৰিত, তাত মাথোন আছে এটি.....
উৰুখা পজা...