নাৰী (অহনা ৰায়)



সময়ে পাৰি দিয়া দলিচাত খোজ দি দি
আজিকালি আধুনিকা প্ৰায়ে নাৰী,
কিন্তু বিচাৰি উলিয়াব জানিলেই
লগ পোৱা যাব আজিও বহু তেজীমলা,
গান্ধাৰী আৰু দ্ৰৌপদী ৷

অপ্ৰাপ্তিৰ ব্যাপ্তিৰ এটি সুৰংগৰ
অৰ্ধ প্ৰকাশিত কাহিনীবোৰত
এটি সমাপ্তি হৈ
বাৰে বাৰে জী উঠে
হেজাৰজনী তেজীমলা ৷

অাজিও ৰাতিৰ জোনটোৱে
তাই, তেখেত আৰু বহুতৰে খিৰিকীৰে
কানপাতি শুনি থাকে -
"আজি বা আকৌ কাৰ গান্ধাৰী হোৱাৰ পাল ?

আৰু অন্ধকাৰবোৰে জুমি চায়
কেতিয়াবা নিচুকায়,
চকুপানীৰে ঢলখোৱা
প্ৰতিটো অভিমানৰ বিন্দুত লাগি থাকে অাইৰ আদেশ।
হ'লেও দ্ৰুপদী ক্ষমাশীল
দুখ আৰু তাইৰ প্ৰতিদ্বন্ধিতা চলিয়ে থাকে
শক্তিশালী হোৱাৰ…।
আজিকালিও প্ৰায়ে ল'গ পোৱা যায় তেজীমলা,গান্ধাৰী আৰু দ্ৰপদীবোৰক,
আধুনিকাৰ প্ৰসাধনত আৰু সতন্ত্ৰতাৰ পৰিসাজত।
দিনৰ আচল টানি
হয়তো কেতিয়াবা ই-ৰিক্সাত আৰু কেতিয়াবা চিটিবাছত…
কিন্তু ৰাতিৰ কোলত
এতিয়াও সিহঁত নাৰী।