মৰমৰ "উৰ্মি"
আজি বহু দিনৰ পিচত তোমালৈ একলম লিখিম বুলি বহিছো নিদ্ৰাহীনতাৰ পুৱতি নিশাত ৷ হালধীয়া হৈ পৰা ডায়েৰিৰ অন্তিম পৃষ্ঠাটো বহু দিন উকা আছে, সেয়েই তোমালৈকে একলম লিখাৰ প্ৰয়াস কৰিছো কলমৰ শেষ টুপাল চিয়াহীৰে ৷ যদিও জানো, তোমাৰ হয়তো চিঠিখন সম্পূৰ্ণকৈ পঢ়াৰ অৱকাশ নহ'ব ৷ অথচ, আশাতীত কল্পনা কৰাটো মোৰ যে পুৰণিকলীয়া ৰোগ ৷ তোমাৰ ভাল বেয়া সুধি নিজক আৰু কষ্ট নিদিওঁ ৷ হয়তো বিলাসীতাৰ বিশাল কাৰেঙত মই কল্পনা কৰাতকৈও তুমি অধিক সুখী ৷
উৰ্মি, মোৰ কঙাল গাওঁ খনৰ মাজেৰে নদী খন বৈ যোৱাৰ দিনা তোমালৈ বৰকৈ মনত পৰিছিল ৷ সেইদিনা যে মন্দিৰে মন্দিৰে মূৰ দোৱাই ভগৱানক প্ৰাৰ্থনা কৰিছিলো, মছজিদত গৈ আল্লাক শতবাৰ মাতিছিলো আৰু... আৰু মাতিছিলো গীৰ্জা ঘৰত ক্ৰছবিদ্ধ যীশুক ৷ কিন্তু কোনো নাহিল ৷ যিদৰে কোনো অহা নাছিল তুমি দীঘল ওৰণি লৈ মোৰ পদূলিৰে পাৰ হৈ যোৱাৰ দিনা ৷ নষ্টালজিয়াত বন্দী হৈ পৰা মোৰ আৱেগ কিম্বা সপোন বোৰক যদি নদীৰ সেই কোবাল সোঁতত উটুৱাই দিব পাৰিলোহেঁতেন, তেনে তোমালৈ একলম লিখাৰ প্ৰয়োজনবোধ কোনোদিনেই নকৰিলোহেঁতেন ৷ অথচ, নিসংগতাৰ পোকে কুটি কুটি শেষ কলিজাটোৰ কোনোবা এটা চুকত এতিয়াও যে তোমালৈ থকা মৰম ভালপোৱা একেদৰেই আছে ৷ সপোনবোৰক নীলাম কৰিব নোৱাৰাকৈ প্ৰতিশ্ৰুতিবোৰে
উৰ্মি, নৈয়ে নৈয়ে বৈ যোৱা সীমাহীন আকাংক্ষাক ব্যস্ততাৰ অজুহাত লৈ স্মৃতিৰ প্ৰাচীন গহ্বৰত জাহ যাবলৈ দিব নোৱাৰিলো ৷ নোৱাৰিলো সময়ক অৰ্থহীনতাৰ পংকীল জীৱনৰ ডায়েৰিত বন্দী কৰিব আৰু নোৱাৰিলো বাবেই সলনি হ'বলৈ নিশিকিলো ৷ পৰা হ'লে ময়ো শিকিলোহেঁতেন শুকান ওঁঠত জ্বলন্ত চিগাৰেট গুজি ল'বলৈ অথবা মদিৰাৰ পিয়লাত জীৱনক উৎসৰ্গা কৰি স্মৃতিৰ শত বাৰ্ষিকী পাতিব ৷ পাহৰিব নোৱাৰিলো কোনোদিনেই তোমাক আৰু তোমাৰ প্ৰতাৰণাক ৷ মোৰ প্ৰতি তোমাৰ প্ৰেম আছিল নে লাঞ্চনা আছিল বাৰু উৰ্মি ? তোমাৰ অনুপস্থিতিৰ অজুহাতত দেৱদাস হোৱাৰ অভনয় কৰিব নোৱাৰিলো আৰু তুমিও যে হ'ব নোৱাৰিলা কোনোদিনেই পাৰু ৷ ডাণ্টেৰ বিভ্ৰান্ত শ্বায়েৰি বোৰক ওঁঠৰ আগত ওলমাই নোৱাৰিলো শীতৰ সেমেকা ৰাতিত ব্যৰ্থ প্ৰেমৰ কবিতা লিখিব, নোৱাৰিলো শিলে শিলে বৈ যোৱা নৈৰ সুৰেৰে বেদনাৰ গান গাব ৷ মেঘৰ বুকুত চকু থৈ নিথৰ হৈ পৰা হুমুনিয়াহ বোৰ, বুকুৰ কামিহাড় বগাবলৈ নৌ পাওঁতেই গিলি থওঁ পুনৰ ৷ কাৰণ তুমি যে সুখত আছা মোক পাহৰি, মোৰ মৰমক পাহৰি ৷ দুৰ্বাৰ হেঁপাহত তোমালৈ একলম লিখি মাথো আমনি কৰো সোঁৱৰণীক জোকাৰি ৷
উৰ্মি, অতীত বোৰক ৰোমন্থন কৰি তোমাৰ মনত দুখ দিয়াৰ ইচ্ছাৰ প্ৰৱণতা মোৰ অলপো নাই ৷ জ্বলি থকা মম দালৰ ক্ষীণ পোহৰত নীলা চিয়াহীৰ নিজৰেই আখৰবোৰো আজি অচিনাকি যেন লাগিছে ৷ ক্ৰমশঃ এন্ধাৰত ডুব যোৱাৰ উপশম হৈছে ভেঁকুৰ গজা মোৰ সৰু জুপুৰিটো ৷
উৰ্মি, তোমাৰ পাহৰনিৰ ঠিকনাত মোলৈ একলম লিখাৰ ব্যৰ্থ চেষ্টা কোনোদিনেই নকৰিবা ৷ জীৱনৰ লগত হাৰি হাৰি জীয়াই থকাৰ আমেজত শেষ স্বাক্ষৰ কৰি যাম তোমাৰ ভালপোৱাৰ নাটকত ৷ তুমি মাথো সুখী হোৱা উৰ্মি ৷ সুখেৰে থাকা অচিনাকি জনে পিন্ধাই দিয়া ৰান্ধনী বেলি কপালত আঁকি ৷ শেষত, ভগ্ন হিয়াৰ একাঁজলি সঁচা মৰম ভালপোৱাৰ বাহিৰে তোমাক দিবলৈ একোয়েই নাই দৰিদ্ৰতাই কোঙা জীৱনত ৷ অনাদৰ নকৰিবা জীৱনৰ অন্তিম ক্ষণত | কেতিয়াবা নিজানত চকুলো সৰিলে, আকাশলৈ মূৰ তুলি চাবা ৷ আকাশৰ নীলা হৈ সাবটিম তোমাক ৷
সীমনাত,
তোমাৰেই এদিনৰ
"......মই"
ঠিকনাঃ দোৰপাং








