অন্তৰংগ সুবাস (ৰানু বৰুৱা গগৈ)


ঠিক তাৰিখটো নিলিখিলো
মোৰ হৃদয়ৰ ডায়েৰিত
প্ৰথম যিদিনা লগ
পাইছিলো তোমাক

বহু দিনেই হ'ল
তোমাৰ লগত চিনাকি হোৱা
কওঁ বুলিও ক'ব পৰা নাচিলো
তোমাক ভাল পাওঁ বুলি,
জানোচা তুমি মোৰ পৰা আঁতৰি যোৱা
ক'ব নোৱাৰাকৈ
তোমাৰ বিশাল সাগৰ খনত সাঁতুৰিব
বিচাৰিলো
তোমাক নুসুধাকৈয়ে
বহুত আশা আৰু সপোন লৈ

মোৰ কি দুখ কোৱা
তোমাক ভাল পোৱা

সেযেহে বিচাৰিছিলো
জীৱনৰ আছুতীয়া সুৰ

মোৰ কপালত এতিয়া যে
এপাত উজ্জ্ব অস্ত্ৰ,
যি পাত অস্ত্ৰই মোৰ গোটেই জীৱনত
সাৰথি হৈ ৰ'ব

কিন্তু মোৰ এতিয়া ভয়
দুগুণে বাঢ়িছে
তোমাক হেৰুৱাৰ
কাৰণ তোমাৰ হৃদয়খন
মোৰ কলিজাৰ এটি সুঁতি ৷

ঠিকনাঃ দুলিয়াজান
দূৰভাষঃ ৯৯৫৭৩৬৮০৪১