অপেক্ষাত তুমি অহাৰ
প্ৰতিনিয়ত প্ৰতিপল
পুৱাৰ পৰা বেলি ডুবালৈ
সন্ধ্যাৰ ছয়াময়া এন্ধাৰতো
তুমিময় ভাৱনাৰে ৰাতি পুৱাই
স্বপ্নাতুৰ হৈ অতিক্ৰম কৰো
অস্তিত্ব বিহীন জীৱনৰ ষ্টেচন
সময় গাড়ীক ধৰিব নোৱাৰাকৈয়ে
পৰিশ্ৰমী দেহত
ক্লান্তিৰ কোলাহল বাঢ়ে
হেঁপাহৱথাকিলেও তিতিব নোৱাৰো
বৰষুণত
তুমি হীনতাৰ বাবে
সংকোচিত হয় মন
খোলাৰ আঁৱৰণত থকা শামুকৰ দৰে
যাপন কৰো অপ্ৰাপ্তিৰ প্ৰতিটো প'ল
নিহালি বিহীন
শীতৰ দীঘলীয়া নিশাৰ দৰে
পৰিব্ৰাজক ভাৱনাৰ স'তে
নতুনে চমকিয়াই
ক্ষন্তেকীয়া বসন্তৰ দৰে
আশাৰ কুঁহিপাতত
ভাৱনাৰ বিলাস
তোমাৰ তন্বি শৰীৰৰ ভাঁজত
সূৰ্য নামিব
পুৱাব দুঃখৰ ৰাতি
প্ৰদক্ষিণ কৰি তোমাক
তোমাৰ আলোকতেই
আৰু উজ্জ্বলিম মই ।








