নামঘৰীয়া (বিদ্যুৎ বিকাশ হাজৰিকা)


হাতত গদা লৈ পহৰা দি আছে
জয় আৰু বিজয় ।
ৰমাই ওজাই গঢ় দিয়া সাপটো
মেৰ খাই থকা লাইখুটা,
সোণৰ ফুল ৰূপৰ ফুল মণিকূটৰ আকাশ
চন্দ্ৰতাপ ৰঙা আৰু সেউজীয়া,
খুঁটাত আঁউজি বহিছে
ঘোষাৰ পদ আওৰাই আওৰাই
মোৰ নামঘৰীয়া ককাই ।

কান্ধত লোৱা জাপি ফুলৰ গামোচাখনত
ৰঙা চাহৰ বাতিটো লৈ ডেকাহঁ‌তক শিকায়
মহাভাৰতৰ শকুনিৰ চকুৰ পাক
"ইমান চেষ্টা কি অথলে যাব পাৰে !
ইমান পাপ কি পৃথিৱীয়ে সহ্য কৰিব পাৰে
নামঘৰীয়া ককাই আজিও সফল ডেকা
ডবাৰ কোবত ভাগি যায়
মুনি- চুনি বেলিৰ অমোঘ নিৰ্জনতা

সিদিনা নামঘৰত কীৰ্তন খোলা হ'ল
নামঘৰীয়া ককাইৰ মুখত এতিয়া কেৱল 'হৰমোহন', 'গজেন্দ্ৰোপাখ্যান'
মইয়ো ভাল পাওঁ
'প্ৰহ্লাদ চৰিত, 'কালযৱন বধ' আৰু 'হৰিশ্চন্দ্ৰ উপাখ্যান'

এবাৰ ...
নামঘৰীয়া ককাইৰ কোচত বহি
ভাওঁ‌না চোৱা মোৰ মনত আছে,
নাট আছিল 'বকাসুৰ বধ' ৷

নাটক সামৰি নামঘৰীয়া ককাই গ'লগৈ তাহানিতেই ।
এতিয়া দুখৰীয়া ছবিবোৰ মন মগজুৰ একুৱাৰিয়ামত ...
একুৱাৰিয়ামৰ আকাশ তেনেই ঠেক
নামঘৰীয়া ককাইৰ নামঘৰ বহল
আৰু সৰলৰো সৰল

ঠিকনাঃ দেৰগাওঁ কমল দুৱৰা মহাবিদ্যালয় ।