এৰা অভিনয় কিহৰ বাবে ?
কিহৰ বাবে নিত্য- নাতিকা ?
জুমুৰি জুমুৰি নাচিছা
যাচিছা কিহৰ প্ৰেম ?
নৃত্যৰ তালে তালে
অংগি ভংগি কিমান ।
নুবুজা ভাষাৰে
কেৱল নাচিছা
ভাও দি দি বহুতৰ লগত ।
ইজনৰ পৰা সিজনে
নাচি নাচি ভাগৰি পৰিছে
শব্দৰ তালে তালে ঝংকাৰ উঠিছে
হাঁহি কান্দন, আনন্দৰ ৰোল উঠিছে ।
মন মোহিত কৰি দৰ্শকৰ
কিহৰ বাবে কৰা হেৰা
এই অভিনয় ?








